বিশ্ব বক্সিং কাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় বক্সাৰ মীনাক্ষী হুদা
গুইয়াং (চীন), ১৮ জুন (হি.স.): চীনৰ গুইয়াঙত অনুষ্ঠিত বিশ্ব বক্সিং কাপ (ষ্টেজ ২)ত তাৰকাময় প্ৰদৰ্শনৰ পিছত ভাৰতীয় বক্সাৰ মীনাক্ষী হুডাই নিজৰ ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। মহিলাৰ ৫১ কেজি শাখাত মীনাক্ষীয়ে ১৬ ৰ একপক্ষীয় ৰাউণ্ডত পোলেণ্ডৰ
मीनाक्षी हुडा


গুইয়াং (চীন), ১৮ জুন (হি.স.): চীনৰ গুইয়াঙত অনুষ্ঠিত বিশ্ব বক্সিং কাপ (ষ্টেজ ২)ত তাৰকাময় প্ৰদৰ্শনৰ পিছত ভাৰতীয় বক্সাৰ মীনাক্ষী হুডাই নিজৰ ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।

মহিলাৰ ৫১ কেজি শাখাত মীনাক্ষীয়ে ১৬ ৰ একপক্ষীয় ৰাউণ্ডত পোলেণ্ডৰ নাটালিয়া কুচেভস্কাক ৫-০ ব্যৱধানত পৰাস্ত কৰে। ৪৮ কেজি শাখাত বর্তমান বিশ্ব চেম্পিয়ন তথা শীর্ষ স্থানৰ বক্সাৰ মীনাক্ষীয়ে এই ছিজনত ৫১ কেজি শাখালৈ উন্নীত হৈছে৷

অৱশ্যে পুৰুষৰ ৬৫ কেজি শাখাত হতাশাৰ সন্মুখীন হ’ল ভাৰত। ভাৰতীয় বক্সাৰ অবিনাশ জামৱালে প্ৰি-কোৱাৰ্টাৰ ফাইনেলত কিৰ্গিস্তানৰ মিৰ্জোখিদ ইমামনাজাৰভৰ হাতত ৫-০ ব্যৱধানত পৰাস্ত হৈ নিজৰ অভিযানৰ অন্ত পেলায়।

এই প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে ৫ গৰাকী ভাৰতীয় বক্সাৰে। ইয়াৰ ভিতৰত নিখিল (৫৫ কেজি), দীপক (৭০ কেজি), মীনাক্ষী (৫১ কেজি), প্ৰাচী (৫৭ কেজি), আৰু ছানেহ (৬৫ কেজি)। ইতিমধ্যে জ্যোতি (৪৮ কেজি) আৰু জুগনুৱে (৮৫ কেজি) ছেমি ফাইনেলত প্ৰৱেশ কৰি ভাৰতৰ হৈ পদক নিশ্চিত কৰিছে।

প্ৰতিযোগিতাখনৰ পঞ্চম দিন শুকুৰবাৰে চাৰিগৰাকী ভাৰতীয় বক্সাৰে কোৱাৰ্টাৰ ফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰিব। মহিলাৰ ৫১ কেজি শাখাত মীনাক্ষীয়ে কাজাখস্তানৰ আলুৱা বাল্কিবেকোভাৰ বিৰুদ্ধে খেলিব। ৬৫ কেজি শাখাত ছানেহৰ মুখামুখি হ’ব পোলেণ্ডৰ কিংগা ক্ৰ’কা, আনহাতে ৫৭ কেজি শাখাত প্ৰাচিৰ মুখামুখি হ’ব চীনা টাইপেইৰ শ্বিহ য়ি ৱু। পুৰুষৰ ৫৫ কেজি শাখাত নিখিলৰ মুখামুখি হ’ব আজাৰবাইজানৰ আমিন মাম্মাডজাদাৰ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande