
বঙাইগাঁও, ১৮ জুন (হি.স.)। গ্ৰীষ্ম প্ৰৱাহৰ আগমনৰ লগে লগে ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ সংহাৰ।
অসমৰ কেইবা খনো জিলাত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ সংখ্যা উদ্বেগজনক ভাৱে বৃদ্ধি ।
ৰাজ্যত বিগত ৬টা মাহত আক্ৰান্তৰ সংখ্যা ৬৮১গৰাকী চিনাক্ত।
বঙাইগাঁও জিলাতে ২৩ গৰাকী ৰোগী আক্ৰান্ত জাপানীজ এনকেফেলাইটিছৰ ৰোগত।
ৰাজ্য চৰকাৰে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগক সতর্কতা অৱলম্বন কৰিবলৈ ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছে।
ৰাজ্যৰ চৰকাৰে অধিক কঠোৰ হোৱাৰ বিপৰীতে বঙাইগাঁও জিলাৰ যোগীঘোপাত স্বাস্থ্য বিভাগৰ নাই বিশেষ তৎপৰতা।
গাওঁ অঞ্চলত সন্ধিয়া হ'লেই মহৰ উৎপাত বৃদ্ধি হোৱাৰ পিছতো মহ নিধনৰ বাবে স্বাস্থ্য বিভাগে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ।
মহ নিধনৰ বাবে ফগিং ব্যৱস্থা, কীটনাশক ছটিয়াই দিয়া বা সচেতনতামূলক অভিযান আদি কোনো বিশেষ কাৰ্যসূচী বৰ্তমানলৈ গ্ৰহণ কৰা নাই বিভাগীয় ভাৱে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা