
–বাৰিষা আহিলে একমাত্ৰ ভৰসা টুলুঙা নাও
কোকৰাঝাৰ, ১৮ জুন (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত তথা পৰ্বতঝোৰা বিধান সভা সমষ্টিৰ খুখচি নদীৰ ওপৰত আজিও নিৰ্মাণ নহল এক পকী দলং । দলং নথকা বাবে বছৰ বছৰ ধৰি ৰাইজে বাঁহৰ দলং পাৰ হৈ অহা যোৱা কৰি আহিছে। পকেটৰ টকা দি পাৰ হ’ব লাগে ছাত্ৰ ছাত্ৰীৰ লগতে ৰাইজে। ইফালে বাৰিষা আহিলে একমাত্ৰ টুলুঙা নাওখনে যাতায়তৰ এক মাত্ৰ ভৰসা হৈ পৰে।
নিতৌ হেজাৰ হেজাৰ লোক অহা যোৱা কৰাৰ উপৰি কেবা শতাধিক স্কুল - কলেজৰ শিক্ষাৰ্থী বাঁহৰ দলং পাৰ হৈ যাতায়ত কৰে। এখন পকী দলং নথকা বাবে অহা যোৱাত বাধাৰ সৃষ্টি হোৱাই নহয় চাৰি চকীয়া বাহন, এম্বুলেন্স অহা যোৱা কৰিব নোৱাৰে। গোসাঁইগাঁৱৰ হংসবিলৰ পৰা গুৱাবাৰী, বাবুবিল, গোসাঁইগাঁও সদৰ চহৰ যোৱাৰ একমাত্ৰ গুৰুত্বপূৰ্ণ পথ এইটো। বাঁহৰ দলং থকা বাবে ১০ - ১৫ কিলোমিটাৰ পথ ঘূৰি গোসাঁইগাঁও সদৰ চহৰ লৈ যাব লাগে। এখন পকী দলং বিচাৰি ৰাইজে বহু দাবী জনোৱাৰ পিছতো প্ৰশাসনৰ তৰফৰ পৰা আজিলৈকে ইতিবাচক পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ