
বৰপেটা, ১৮ জুন (হি.স.)। বৰপেটাৰ হাউলীত সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ উদ্য়োগত ১৯ আৰু ২০ জুনত দুদিনীয়াকৈ পালন কৰা হ’ব কেন্দ্ৰীয় বিষ্ণুৰাভা দিৱস ।
কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ পবিত্ৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ সদৌ অসম ছাত্ৰ সন্থাই ২০ জুনত প্ৰতি বছৰে বিষ্ণ ৰাভা দিৱস পালন কৰি আহিছে |
বিগত বৰ্ষ সমুহৰ দৰে এইবেলিও অসম ছাত্ৰ সন্থাই বৰপেটাৰ হাউলীত কেন্দ্ৰীয়ভাবে বিষ্ণু ৰাভা দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰিছে |
বৰপেটা জিলা ছাত্ৰ সন্থা, হাউলী আঞ্চলিক ছাত্ৰ সন্থা আৰু হাউলীবাসীৰ সহয়োগত হাউলী ৰাস মন্দিৰ প্ৰাংগণত অনুস্থিত কৰিবলৈ লোৱা আছুৰ কেন্দ্ৰীয় বিষ্ণুৰাভা দিৱস সম্পৰ্কে আজি এখন সংবাদ মেল অনুস্থিত কৰে আয়োজক সমিতিয়ে |
বৰপেটা জিলা ছাত্ৰ সন্থাৰ সভাপতি অৰ্ণৱজ্যোতি শৰ্মা, উদযাপন সমিতিৰ সভাপতি মহানন্দ পাঠক আৰু কাৰ্যকৰী সভাপতি দেবাদীব দাসে অংশগ্ৰহন কৰা সংবাদমেলৰ জৰিয়ে ১৯ আৰু ২০ জুনত দুদিনীয়া কাৰ্যসূচীৰে অনুস্থিত কৰিবলৈ লোৱা কেন্দ্ৰীয় বিষ্ণুৰাভা দিৱসৰ কাৰ্যসূচী সম্পৰ্কে সাংবাদিকক অবগত কৰে |
কাৰ্যসূচী অনুসৰি ১৯ জুনৰ পুৱা ৯ বজাত মুখ্য তোৰণ উন্মোচনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ’ব।
ইয়াৰ পিচতে গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন আৰু অবিভক্ত বৰপেটা জিলা ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ।
দিনৰ ১ বজাত ‘মহাবিদ্যালয়সমূহক স্বায়ত্তশাসিত মৰ্যাদা প্ৰদান আৰু বিশ্ববিদ্যালয়লৈ উন্নীত কৰা নীতিয়ে অসমত উচ্চ শিক্ষাৰ বিকাশ সাধনত সহায় কৰিছে’ শীৰ্ষক সদৌ অসম ভিত্তি়ত তৰ্ক প্ৰতিযোগিতা, বিয়লি ২ বজাত সদৌ অসম ভিত্তিত বিষ্ণু ৰাভাৰ নিৰ্বাচিত গীত প্ৰতিযোগিতা আৰু সন্ধিয়া ৭ বজাত সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হ’ব।
২০ জুনৰ কাৰ্যসূচী
দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি পুৱা ১০ বজাত সভাপতি উৎপল শৰ্মাই আছুৰ পতাকা উত্তোলন, ১০:৩০ বজাত আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে শ্বহীদ তৰ্পণ কাৰ্যসূচী মুকলি কৰাৰ লগতে ১১ বজাত আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কলাগুৰুৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰিব।
একেদৰে
দিনৰ ১২ বজাত অনুষ্ঠিত হ’ব মুকলি সভা, স্মৃতিগ্ৰন্থ উন্মোচন, বিশেষ সম্বৰ্ধনা আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ।
উৎপল শৰ্মাৰ সভাপতিত্ব অনুস্থিত মুকলি সভাত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ধনপতি ডেকা, বঢ়াসত্ৰীয়া ড° বাবুল চন্দ্ৰ দাস মহন্ত, ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, অসম উন্নতি সভাৰ সাধাৰণ সম্পাদক শৰৎ হাজৰিকা আৰু অসম সেনাৰ মুখ্য আহ্বায়ক বিজয় শংকৰ বৰদলৈয়ে অংশগ্ৰহন কৰিব |
ইপিনে সাংস্কৃতিক অনুস্থানত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তৰালী শৰ্মা, দীপলিনা ডেকা, নিৰ্মালী দাস, প্ৰবীণ বৰা আৰু মেঘনা ভূঞাই গীত পৰিৱেশন কৰিব। লগতে বিভিন্ন ক্ষেত্ৰলৈ বিশেষ অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তি হৰিদেৱ পাঠক, প্ৰমথ ৰঞ্জন দাস, ভুৱনেশ্বৰ পাঠকক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হ’ব ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা