
ইম্ফল, ১৮ জুন (হি.স.)। মণিপুৰৰ নিৰাপত্তা বাহিনীয়ে বিগত ২৪ ঘন্টাত ব্যাপক তালাচী অভিযান চলাই বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ আৰু নিৰাপত্তা সঁজুলি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । কেইবাটাও বাংকাৰ আৰু অবৈধ আউটপোষ্টো ধ্বংস কৰাৰ উপৰি দুজন সক্ৰিয় উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰা হয় ।
আজি আৰক্ষীয়ে জনোৱা মতে, ১৭ জুনত কাংপকপি জিলাৰ লেইমাখং থানা এলেকাৰ অন্তৰ্গত লিলন ভাইফেই, লিলন খুনৌ, এল মুনলুই, আৰু কনছাখুল গাঁৱত নিৰাপত্তা বাহিনীয়ে তীব্ৰ তালাচী চলায়। এই অভিযানৰ সময়ত ১১টা একক বেৰেলৰ ১২ ব’ৰ বন্দুক, ২৯৪টা লাইভ কাৰ্টিজ, দুটা পেকেট বন্দুকৰ গুড়ি, ৩৪টা খালী কাৰ্টিজৰ শ্বেল, আৰু ৬টা বুলেটপ্ৰুফ জেকেট উদ্ধাৰ কৰা হয়। অভিযানৰ সময়ত এই গাঁওসমূহৰ চাৰিওফালে থকা ৩০টা বাংকাৰ, আউটপোষ্ট, কৌশলগত শিবিৰও ভাঙি পেলোৱা হয়। চাৰিজন ব্যক্তিক অধিক তদন্ত আৰু পৰীক্ষণৰ বাবে আটক কৰা হৈছে।
সেইদিনা কাংপোকপি জিলাৰ ছৈকুল থানা এলেকাত নিৰাপত্তা বাহিনীয়ে চাৰিটা ধৰ্ণা/বাংকাৰ ধ্বংস কৰে। ইয়াৰ ভিতৰত থিংফাই গাঁও আৰু চি খোলান গাঁৱৰ দুটাকৈ বাংকাৰ আছিল।
চুৰাচান্দপুৰ জিলাতো যোৱা ১৭ জুনত চুৰাচান্দপুৰ আৰক্ষী থানা এলেকাৰ এছ নবিল গাঁও আৰু লয়লামকয় গাঁৱত এটা অবৈধ চেকপইণ্ট আৰু বাংকাৰ ভাঙি নিৰাপত্তা বাহিনীয়ে ভাঙি পেলায়।
ইফালে, ১৬ জুনত নিৰাপত্তা বাহিনীয়ে নিষিদ্ধ কেচিপি (এমএফএল)ৰ সক্ৰিয় সদস্য হাইক্ৰুজাম হিটলাৰ মেইটেই ওৰফে ঋষি (১৮)ক গ্ৰেপ্তাৰ কৰে। বিষ্ণুপুৰ জিলাৰ ৬ নং নিংথৌখং খা লেইকাই ৱাৰ্ডৰ বাসিন্দা। ইম্ফল পূৱ জিলাৰ পোৰমপাট থানা এলেকাৰ কংবা লাইশ্ৰম লেইকাই অঞ্চলৰ পৰা তেওঁক আটক কৰা হয়।
এক সুকীয়া অভিযানত নিৰাপত্তা বাহিনীয়ে ছ’ৰেপাৰ সক্ৰিয় সদস্য লুক্ৰাকপাম ইবুংগো মেইটেই ওৰফে জন (৪২)কো গ্ৰেপ্তাৰ কৰে। ইম্ফল পশ্চিম জিলাৰ ইৰোম মেইজৰাও মানিং লেইকাইৰ বাসিন্দা। তেওঁক ইম্ফল পূৱ জিলাৰ পোৰমপাট থানা এলেকাৰ কংপাল ইৰাণফাম থংখং অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে ।
নিৰাপত্তাৰক্ষী বিষয়াৰ মতে, ৰাজ্যত আইন-শৃংখলা বজাই ৰখা, অবৈধ সশস্ত্ৰ কাঠামো ভাঙি পেলোৱা, উগ্ৰপন্থী কাৰ্যকলাপ ৰোধৰ বাবে অভিযান অব্যাহত আছে।------------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ