
কামৰূপ, ১৮ জুন (হি.স.)। হাজোত আৰক্ষীৰ অভিযানত ৫০০ টা নিষিদ্ধ কাফ চিৰাপ জব্দ। নিশা হাজো আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি হাজো আৰক্ষীৰ।
সম্প্ৰতি তীব্ৰতৰ কৰি তুলিছে হাজো আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
হাজোৰ বৰ্ণি ন'পাৰাত অভিযান চলাই বুজন পৰিমাণৰ কাফ চিৰাপ জব্দ কৰিব সক্ষম হয়।
লগতে আটক কৰে ড্ৰাগছ ব্যৱসায়ী দিলোৱাৰ হুছেইন ওৰফে (জিতু) আৰু বুবুল আলীক।
আনহাতে জব্দকৃত কাফ চিৰাপ ৫০০ টা বটলৰ
বজাৰ মূল্য প্ৰায় ৫ লক্ষাধিক টকা।
ইতিমধ্যে আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী দুজনক আটক কৰি অধিক তথ্যৰ বাবে
অব্যাহত ৰাখিছে সোধা -পোছা।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা