
শোণিতপুৰ, ১৮ জুন (হি.স.)। শোণিতপুৰৰ ১৮ মাইলত তিনিদিনীয়া অখণ্ড ভাগৱত পাঠৰ আয়োজন কৰা হৈছে। শোণিতপুৰৰ বালিপৰাৰ সমীপৱৰ্তী ১৮ মাইলত যোৱা কালি বুধবাৰৰ পৰা অনুষ্ঠিত হৈ আছে অখণ্ড ভাগৱত পাঠ । ১৮ মাইল সাৰ্বজনীন নামঘৰত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা উক্ত ভাগৱত পাঠ অনুষ্ঠানত তেজপুৰ, বালি পুখুৰী, বালিপৰা আদিৰ পৰা ভাগৱত পাঠ কৰিবলৈ পাঠক সকলক নিমন্ত্ৰণ কৰি অনা হৈছে ।
অনুষ্ঠানৰ লগত সংগতি ৰাখি বৃক্ষ ৰোপন, উষা কীৰ্তন, ভাগৱত ভ্ৰমণ, আদি কাৰ্যসূচী সম্পন্ন কৰা হৈছে । অখণ্ড ভাগৱত পাঠৰ লগত সংগতি ৰাখি দক্ষ যজ্ঞ নামৰ এখনি ভাওঁনা প্ৰদৰ্শন কৰা হ’ব। ওঠৰ মাইলৰ সাৰ্বজনীন নামঘৰ প্ৰাংগণত অনুষ্ঠিত উক্ত ভাগৱত পাঠত অঞ্চলটোৰ সকলো ৰাইজকে অংশগ্ৰহণ কৰিবলৈ উদযাপন সমিতিয়ে আহ্বান জনাইছে ।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু