
নলবাৰী, ১৮ জুন (হি.স.): নলবাৰীৰ লাউদল চ’কত স্কুলীয়া শিশু ছাত্ৰী অপহৰণৰ অপচেষ্টা কৰা ঘটনাৰ সৈতে জড়িত বিবেক গুপ্তাৰ নলবাৰী কাৰাগাৰত মৃত্যু হৈছে ৷ তিনিজনীয়া এটা অপহৰণ কাৰীৰ দলে ছাত্ৰী গৰাকী বিদ্যালয়লৈ পিতৃৰ সৈতে গৈ থকা সময়ত অপহৰণৰ চেষ্টা চলাইছিল এটা দুৰ্বিত্তৰ দলে ।
উল্লেখযোগ্য যে লাউদলৰ শিক্ষক প্ৰমোদ হালৈয়ে তেওঁৰ সন্তানটোক বিদ্যালয়লৈ চাইকেলেৰে লৈ গৈ থকা সময়ত এটা তিনিজনীয়া ডকাইতৰ দলে প্ৰমোদ হালৈক বাট আগচি ধৰি তেওঁৰ দ্বিতীয় শ্ৰেণীৰ পঢ়া কন্যা গৰাকীক অপহৰণৰ চেষ্টা কৰাত প্ৰমোদ হালৈয়ে চিঞৰ বাখৰ কৰাত তেওঁক চুৰিৰে আক্ৰমণ কৰে । ইফালে ৰাইজৰ প্ৰচেষ্টাত অপহৰণকাৰী গুৱাহাটীৰ জাহিদুল আলী আৰু বিবেক গুপ্তাক আটক কৰে যদিও এগৰাকী পলাই যাবলৈ সক্ষম হৈছিল ৷
ইপিনে আটকাধীন দুই অপহৰণকাৰীক ৰাইজে উত্তম মাধ্যম সোধাই আৰক্ষীক গতাই দিছিল ৷ পিছত দুয়োকে আদালতে নলবাৰী কাৰাগাৰলৈ নিক্ষেপ কৰে যদিও আজি বিবেক গুপ্তাৰ আজি নলবাৰী কাৰাগাৰৰ ভিতৰত মৃত্যু হোৱাৰ কথা জানিব পৰা গৈছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ