ধিঙৰ বৰভেটিত যুৱতী মহিলাৰ সৈতে অপকৰ্মত লিপ্ত লম্পটক কৰায়ত্ব
ধিঙৰ বৰভেটিত ৰাইজে ধৰিলে এটা লম্পটক।
ধিঙৰ বৰভেটিত যুৱতী মহিলাৰ সৈতে অপকৰ্মত লিপ্ত লম্পটক কৰায়ত্ব


নগাঁও, ১৮ জুন (হি.স.)। নগাঁও জিলাৰ ধিঙৰ বৰভেটিত ৰাইজে ধৰিলে এটা লম্পটক। এগৰাকী মহিলাৰ সৈতে অপকর্ম কৰি থকা অৱস্থাত হাটে লোটে আটক কৰি লপা থপা দিয়ে মজিবুৰ ৰহমান নামৰ ব্যক্তি গৰাকীক। ৰূপহীহাটৰ লাওঁগাৱৰ লম্পট মজিবুৰ ৰহমানে বহু কেইগৰাকী হিন্দু, মুছলমান উভয় সম্প্ৰদায়ৰ যুৱতী, বোৱাৰীক প্ৰেমৰ সম্পৰ্কৰে জালত পেলাই চলাই আহিছিল নাৰী দেহ ব্যৱসায়।

ধৃত মজিবুৰ ৰহমানৰ মোৱাইলত বহু কেইগৰাকী হিন্দু ৱোৱাৰীৰ সৈতে অসংযত অৱস্থাত থকা ফটো আছে মজিবুৰ ৰহমানৰ। ঘটনাস্থলিত ধিং আৰক্ষী উপস্থিত হৈ মজিবুৰ ৰহমানক আটক কৰি আৰক্ষী থানালৈ লৈ যায় । ইফালে লম্পট মজিবুৰ ৰহমানক ৰাইজে লপা থপা দিয়াৰ লগতে চুলি কাটি দিয়ে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande