ৰাষ্ট্ৰীয় আৰ্ম ৰেছলিং প্ৰতিযোগিতাত কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰমৰ অভ্য বসফৰৰ সাফল্য, স্থান লাভ কৰাত জিলাজুৰি আনন্দৰ জোৱাৰ
ৰাষ্ট্ৰীয় আৰ্ম ৰেছলিং প্ৰতিযোগিতাত কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰমৰ অভ্য বসফৰৰ সাফল্য, তৃতীয় স্থান লাভে জিলাজুৰি আনন্দৰ জোৱাৰ ।
ৰাষ্ট্ৰীয় আৰ্ম ৰেছলিং প্ৰতিযোগিতাত কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰমৰ অভ্য বসফৰৰ সাফল্য, তৃতীয় স্থান লাভে জিলাজুৰি আনন্দৰ জোৱাৰ ।


কোকৰাঝাৰ, ১৮ জুন (হি.স.): কৰ্ণাটকৰ বেংগালুৰুত অনুষ্ঠিত ৬ষ্ঠ BCAI National Arm Wrestling Championship 2026-ত অসম তথা কোকৰাঝাৰৰ উদীয়মান খেলুৱৈ অভ্য বসফৰ-এ অসাধাৰণ প্ৰদৰ্শনেৰে তৃতীয় স্থান লাভ কৰি জিলাখনৰ লগতে সমগ্ৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে।

দেশৰ বিভিন্ন প্ৰান্তৰ দক্ষ আৰ্ম ৰেছলাৰসকলৰ অংশগ্ৰহণেৰে অনুষ্ঠিত এই প্ৰতিযোগিতাত অভ্য বসফৰে নিজৰ প্ৰতিভা, কঠোৰ পৰিশ্ৰম আৰু দৃঢ় মনোবলেৰে ব্ৰঞ্জ পদক অৰ্জন কৰি কোকৰাঝাৰৰ নাম ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বল কৰি তুলিবলৈ সক্ষম হয়।

অভ্য বসফৰৰ এই সাফল্য কেৱল ব্যক্তিগত বিজয়েই নহয়, ই কোকৰাঝাৰ জিলা আৰু অসমৰ ক্ৰীড়া জগতৰ বাবে এক গৌৰৱৰ অধ্যায় হিচাপে পৰিগণিত হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande