অহা ২১ জুনৰ দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ ব্যৱস্থাপনাৰ পৰ্যালোচনা সভা
শোণিতপুৰ, ১৭ জুন (হি.স.)। অহা ২১ জুন, ২০২৬ তাৰিখে উদযাপন হ’বলগীয়া দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (IDY) ২০২৬ উপলক্ষে ব্যৱস্থাপনাৰ পৰ্যালোচনা আৰু কাৰ্যসূচী চূড়ান্ত কৰাৰ উদ্দেশ্যে ১৬ জুন ২০২৬ তাৰিখে শোণিতপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ ১নং সভাকক্ষত জি
অহা ২১ জুনৰ দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ ব্যৱস্থাপনাৰ পৰ্যালোচনা সভা


শোণিতপুৰ, ১৭ জুন (হি.স.)। অহা ২১ জুন, ২০২৬ তাৰিখে উদযাপন হ’বলগীয়া দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (IDY) ২০২৬ উপলক্ষে ব্যৱস্থাপনাৰ পৰ্যালোচনা আৰু কাৰ্যসূচী চূড়ান্ত কৰাৰ উদ্দেশ্যে ১৬ জুন ২০২৬ তাৰিখে শোণিতপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ ১নং সভাকক্ষত জিলা আয়ুক্ত শ্ৰী আনন্দ কুমাৰ দাসৰ সভাপতিত্বত এখন প্ৰস্তুতিমূলক সভা অনুষ্ঠিত হয় । সভাত জিলা পৰ্যায় আৰু সম-জিলা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত, যোগ প্ৰতিযোগিতা, সজাগতামূলক কাৰ্যসূচী আৰু আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (আইডিৱাই) ২০২৬ উপলক্ষে ব্যাপকভাৱে সৰ্বসাধাৰণ ৰাইজৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰিবলগীয়া বিভিন্ন কাৰ্যসূচীৰ বিষয়ে পৰ্যালোচনা কৰা হয়।

সভাত শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী জয়ন্ত কুমাৰ বৰা; অতিৰিক্ত জিলা আয়ুক্ত (স্বাস্থ্য) শ্ৰী কুলদীপ হাজৰিকা; ঢেকিয়াজুলিৰ সম-জিলা আয়ুক্ত, শ্ৰী মানস জ্যোতি নাথ; অতিৰিক্ত জিলা আয়ুক্ত শ্ৰী জেম্ছে আইন্দ; স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ বিমান শৰ্মা; শোণিতপুৰৰ আয়ুষৰ ন’ডেল বিষয়া; বিভিন্ন বিভাগৰ মুৰব্বীসকল; আৰু অন্যান্য সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে ।

সভাত জিলা পৰ্যায় আৰু সম-জিলা পৰ্যায়ৰ যোগ কাৰ্যসূচী আয়োজন, কমন যোগ প্ৰট’কল (CYP) সম্পৰ্কীয় প্ৰশিক্ষণ, প্ৰচাৰ আৰু সজাগতা অভিযান, বিভিন্ন বয়সৰ শাখাৰ মাজত যোগ প্ৰতিযোগিতা, লগতে আয়ুষ্মান আৰোগ্য মন্দিৰ আৰু অন্যান্য স্বাস্থ্য প্ৰতিষ্ঠানসমূহত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, ২০২৬ পালন সম্পৰ্কে বিস্তৃত আলোচনা অনুষ্ঠিত হয়।

চৰকাৰী বিভাগ, শিক্ষানুষ্ঠান, নাগৰিক সমাজৰ সংগঠন, যোগ অনুশীলনকাৰী আৰু যুৱ গোটসমূহৰ সমন্বিত প্ৰচেষ্টাৰ জৰিয়তে সৰ্বাধিক ৰাইজৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।

উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, ২০২৬ৰ জিলা পৰ্যায়ৰ মূল অনুষ্ঠান তেজপুৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰাৰ কথা জানিবলৈ দিয়া হয় ।

জিলা আয়ুক্ত গৰাকীয়ে জিলাখনত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, ২০২৬ সফল, সুশৃংখল আৰু সৰ্বাংগীনভাৱে উদযাপন নিশ্চিত কৰাৰ বাবে সংশ্লিষ্ট সকলো বিভাগক সমন্বয়ৰে কাম কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ৰ অনলাইন যোগ কাৰ্যসূচী সমূহত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৬ৰ দেশজোৰা উদযাপনৰ অংশ হিচাপে অধিক সংখ্যক ৰাইজৰ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ সকলোকে উৎসাহিত কৰে ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande