ৰূপকোঁৱৰৰ ১২৪ সংখ্যক ওপজা দিনত জ্যোতি বন্দনাৰে মুখৰিত ঊষানগৰী তেজপুৰ
–তেজপুৰ সাহিত্য সভাৰ উদ্যোগত গীতে মাতে শ্ৰদ্ধাঞ্জলি –প্ৰহ্লাদ চন্দ্ৰ দাস স্মৃতি নৃত্যশালা, জ্যোতি ভাৰতী আৰু বাণ থিয়েটাৰত শ্ৰদ্ধাঞ্জলি –শংকৰদেৱ আৰু মাধৱদেৱৰ যেনে সম্পৰ্ক আছিল জ্যোতি প্ৰসাদ আগৰৱালা আৰু বিষ্ণু ৰাভাৰ একে সম্পৰ্ক আছিল --পৃথ্বিৰাজ
ৰূপকোঁৱৰৰ ১২৪ সংখ্যক ওপজা দিন  জ্যোতি বন্দনাৰে মুখৰিত হ'ল ঊষানগৰী তেজপুৰ


ৰূপকোঁৱৰৰ ১২৪ সংখ্যক ওপজা দিন  জ্যোতি বন্দনাৰে মুখৰিত হ'ল ঊষানগৰী তেজপুৰ


ৰূপকোঁৱৰৰ ১২৪ সংখ্যক ওপজা দিন  জ্যোতি বন্দনাৰে মুখৰিত হ'ল ঊষানগৰী তেজপুৰ


ৰূপকোঁৱৰৰ ১২৪ সংখ্যক ওপজা দিন  জ্যোতি বন্দনাৰে মুখৰিত হ'ল ঊষানগৰী তেজপুৰ


ৰূপকোঁৱৰৰ ১২৪ সংখ্যক ওপজা দিন  জ্যোতি বন্দনাৰে মুখৰিত হ'ল ঊষানগৰী তেজপুৰ


ৰূপকোঁৱৰৰ ১২৪ সংখ্যক ওপজা দিন  জ্যোতি বন্দনাৰে মুখৰিত হ'ল ঊষানগৰী তেজপুৰ


ৰূপকোঁৱৰৰ ১২৪ সংখ্যক ওপজা দিন  জ্যোতি বন্দনাৰে মুখৰিত হ'ল ঊষানগৰী তেজপুৰ


ৰূপকোঁৱৰৰ ১২৪ সংখ্যক ওপজা দিন  জ্যোতি বন্দনাৰে মুখৰিত হ'ল ঊষানগৰী তেজপুৰ


ৰূপকোঁৱৰৰ ১২৪ সংখ্যক ওপজা দিন  জ্যোতি বন্দনাৰে মুখৰিত হ'ল ঊষানগৰী তেজপুৰ


–তেজপুৰ সাহিত্য সভাৰ উদ্যোগত গীতে মাতে শ্ৰদ্ধাঞ্জলি

–প্ৰহ্লাদ চন্দ্ৰ দাস স্মৃতি নৃত্যশালা, জ্যোতি ভাৰতী আৰু বাণ থিয়েটাৰত শ্ৰদ্ধাঞ্জলি

–শংকৰদেৱ আৰু মাধৱদেৱৰ যেনে সম্পৰ্ক আছিল জ্যোতি প্ৰসাদ আগৰৱালা আৰু বিষ্ণু ৰাভাৰ একে সম্পৰ্ক আছিল --পৃথ্বিৰাজ ৰাভা

–এগৰাকী যুগদ্ৰষ্টা আৰু স্বপ্নদ্ৰষ্টা হিচাপে জ্যোতি প্ৰসাদ অসমীয়া জাতিৰ মাজত সদায় প্ৰাসংগিক হৈ থাকিব --ড০ ভূপেন শইকীয়া

–জ্যোতি প্ৰসাদ আগৰৱালাৰ সপোনৰ সমন্বিত সমাজখন সকলোৱে আকৌ ঘূৰাই আনিব লাগিব --ধ্ৰুৱজ্যোতি দাস

শোণিতপুৰ, ১৭ জুন (হি.স.)। অসমৰ জাতীয় জীৱনৰ প্ৰাত :স্মৰণীয় পুৰোধা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১২৪ সংখ্যক ওপজা দিনটোত আজি বুধবাৰৰ পুৱাৰ পৰা জ্যোতি বন্দনাৰে মুখৰিত হৈ পৰে তেজপুৰ । পুৱা ৭ বজাতেই তেজপুৰ ঘৰপৰা চুবুৰিৰ প্ৰহ্লাদ চন্দ্ৰ দাস স্মৃতি নৃত্যশালাৰ শিক্ষাৰ্থী একাংশই গীত -নৃত্যৰে জীপাল কৰি তোলে । অধ্যক্ষা তথা জনপ্ৰিয় নৃত্যশিল্পী দীপা দাসৰ পৰিচালনাত শিক্ষাৰ্থী সকলৰ গীত -নৃত্যৰ অনুষ্ঠানটি ৰূপকোঁৱৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে বাণ থিয়েটাৰৰ সম্পাদক পংকজ বৰুৱা আৰু অধ্যক্ষা দীপা দাসে ।

ইয়াৰ পিছতেই শিক্ষাৰ্থী সকলে জ্যোতি সংগীত পৰিৱেশন কৰাৰ লগতে জ্যোতি সংগীতৰ আধাৰত সমবেতভাৱে প্ৰদৰ্শন কৰা দৃষ্টিনন্দন নৃত্যৰে মুখৰিত হৈ পৰে । আনহাতে বিগত বছৰৰ দৰে এইবাৰো তেজপুৰ সাহিত্য সভাৰ উদ্যোগত তেজপুৰ সাহিত্য সভা ভৱন প্ৰাংগনত থকা আৱক্ষ মূৰ্তিৰ সন্মুখত সম্পন্ন হয় গীতে মাতে ৰূপকোঁৱৰৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত তেজপুৰ সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি দাসৰ লগতে প্ৰাক্তন সভাপতিদ্বয় ড০ ভূপেন শইকীয়া আৰু ৰমেশ চন্দ্ৰ কলিতাই ৰূপকোঁৱৰ, কলাগুৰু আৰু নটসূৰ্য্য ফণী শৰ্মাৰ একেলগে থকা আৱক্ষ মূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

এই অনুষ্ঠানত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, সাহিত্যিক পেন্সনাৰ সুশীল কুৰ্মী, অসম নাট্য সন্মিলনৰ কাৰ্য্যকৰী সভাপতি মৃগেন চন্দ্র বড়া, তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি তথা লেখক নবীন চন্দ্ৰ লহকৰ, তেজপুৰ সাহিত্য সভাৰ উপসভাপতি দ্বীজেন নাথ, সম্পাদক ড০ পল্লৱ ভট্টাচাৰ্য্য, বাণ থিয়েটাৰৰ সাধাৰণ পৰিচালক ভূপেন শৰ্মা, তেজপুৰ জনসাংস্কৃতিক পৰিষদৰ সভাপতি ৰাজু বৰুৱা, বিশিষ্ট সংগীতশিল্পী অনিল কুমাৰ ভট্টাচাৰ্য, জ্যেষ্ঠ সাহিত্যিক নৰেন্দ্ৰ চন্দ্ৰ গোস্বামী, বাণ থিয়েটাৰৰ সংগীতাধিকাৰ সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱা, বামপন্থী নেতা ৰুবুল শৰ্মা, প্ৰাক্তন ছাত্ৰ নেতা নিপ বৰা, যশস্কৰ বৰুৱা, ভূপেন কটকী, অসম নাট্য সন্মিলনৰ তেজপুৰ শাখাৰ সম্পাদক জ্যোতি প্ৰসাদ গোস্বামী, প্ৰাক্তন সম্পাদক জিন্টু বৰঠাকুৰ, বাণ থিয়েটাৰৰ প্ৰাক্তন মঞ্চাধ্যক্ষ ৰাজীৱ মহন্ত, গহন উদ্যান সমিতিৰ সম্পাদক অশ্বিনী বৰা, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ পুলক কুমাৰ ডেকা সমন্বিতে তেজপুৰৰ বিদ্বৎ সমাজে অংশ গ্ৰহণ কৰে ।

আনহাতে অনুষ্ঠানটিত তেজপুৰৰ সংগীতশিল্পী ময়ূৰ কাঞ্চন বৰা, মনোজ বৰা আৰু নয়ন শইকীয়াৰ জৰিয়তে তেজপুৰৰ একাংশ কন্ঠশিল্পীয়ে সমবেত জ্যোতি সংগীতেৰে জীপাল কৰি তোলাৰ লগতে কন্ঠশিল্পী বিতোপন বৰাই জ্যোতি সংগীত পৰিৱেশন কৰে। অনুষ্ঠানটিত তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ ভূপেন শইকীয়াই ৰূপকোঁৱৰৰ জীৱন -দৰ্শন আলোকপাত কৰি গভীৰ দেশাত্মবোধ আৰু প্ৰবল জাতীয় চেতনাৰ গৰাকী আছিল বুলি মন্তব্য কৰে । আধুনিক অসমৰ বৌদ্ধিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক চেতনাৰ ভেটি নিৰ্মাণ কৰা পুৰোধা সকলৰ ভিতৰত জ্যোতি প্ৰসাদ আগৰৱালা অন্যতম আছিল বুলি কৈ ড০ শইকীয়াই বহু প্ৰতিভাৰ অধিকাৰী ৰূপকোঁৱৰ সাংস্কৃতিক পথাৰত বাটকটীয়া স্বৰূপ । সুন্দৰৰ পূজাৰী গৰাকীৰ আদৰ্শ মানৱ আছিল শিল্পী । যিয়ে শ্ৰম কৰিব কিন্তু শ্ৰমক সৌন্দৰ্য্য ৰূপ দিব । কেৱল ৰং তুলিকাৰ ব্যৱহাৰেই শিল্পী নহয়, প্ৰতিজন মানুহ সৌন্দৰ্য্য সাধনাৰে শিল্পী হ'ব পাৰে ।সেয়েহে তেওঁ ক'ব পাৰিছিল -জনতা তোৰ প্ৰাণৰো প্ৰাণত মই লুকাই লুকাই আছোঁ বুলি । জ্যোতি প্ৰসাদৰ দৃষ্টিভংগী আছিল অতি বহল। গাৱঁৰ গণ্ডীতে থাকি বিশ্বনাগৰিক হোৱাৰ চিন্তা কৰিব পাৰিছিল । গণ সংস্কৃতি আৰু পণ্য সংস্কৃতিৰ বিষয়ে ৰূপকোঁৱৰৰ অভিমত আছিল স্পষ্ট । এগৰাকী যুগদ্ৰষ্টা আৰু স্বপ্নদ্ৰষ্টা হিচাপে জ্যোতি প্ৰসাদ সদায় অসমীয়া সমাজত প্ৰাসংগিক হৈ থাকিব বুলি মন্তব্য ড০ শইকীয়াই তেখেতৰ সকলো সৃষ্টিয়ে সদায় অসমীয়াক অনুপ্ৰাণিত কৰি থাকিব বুলি মন্তব্য কৰে ।

আনহাতে অনুষ্ঠানটিত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই কেবাটাও জ্যোতি সংগীতৰ কলিৰে ৰূপকোঁৱৰ গৰাকীক স্মৰণ কৰি জ্যোতি প্ৰসাদ আগৰৱালাৰ প্ৰ পিতামহৰ পৰা পিতৃৰ অনুপ্ৰেৰণাৰ বিভিন্ন দিশ আলোকপাত কৰে । বিধায়ক পৃথ্বিৰাজ ৰাভাই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সৈতে থকা আত্মিক সম্পৰ্কৰ পৰা প্ৰথমখন অসমীয়া কথাছবি জয়মতী নিৰ্মাণ কৰোঁতে বিষ্ণুপ্ৰসাদ ৰাভাই কেনেকৈ সহায় কৰিছিল সেই প্ৰসংগ সদৰি কৰি শংকৰদেৱ আৰু মাধৱদেৱৰ যি সম্পৰ্ক আছিল দুয়োগৰাকীৰে একেই সম্পৰ্ক আছিল বুলি মন্তব্য কৰে ।

উল্লেখ্য যে তেজপুৰ বিশিষ্ট ব্যক্তি সকলৰ উপস্থিতিত তেজপুৰ সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি দাসে আগবঢ়োৱা ভাষণত উপস্থিত সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰি কয় -আজিৰ পৰিবৰ্তিত পৰিস্থিতিত জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা, ড০ ভূপেন হাজৰিকাৰ পৰা জাতীয় জীৱনৰ যিকল পুৰোধাৰ সপোনৰ সমন্বিত সমাজখনত কৰোবাত আচোৰ পৰিছে বুলি উদ্বেগেৰে সকলোৱে যিহেতু লক্ষ্য কৰিছে সকলোৱে এতিয়া সেই সমন্বিত সমাজখন ঘূৰাই আনিবলৈ চেষ্টা কৰা উচিত বুলি কয় । অনুষ্ঠানটিত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ যুটীয়া সম্পাদিকা ৰুমা দেৱীয়ে জ্যোতি প্ৰসাদৰ জীৱন -দৰ্শনৰ ওপৰত লিখা স্বৰচিত এটি কবিতা আবৃত্তি কৰাৰ লগতে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী নমিতা ভট্টাচাৰ্য্যই ৰূপকোঁৱৰৰ জয়মতীৰ আত্মাৰ উক্তি শীৰ্ষক কালজয়ী কবিতা আবৃত্তিৰে মুখৰিত কৰি তোলে।

আনহাতে আজিৰ ওপজা দিনটোত ৰূপকোঁৱৰৰ কৰ্ম সাধনৰ স্থলী ঐতিহাসিক পকীত জ্যোতি ভাৰতী বিষয়া -কৰ্মচাৰী সকলেও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । জিলা সাংস্কৃতিক উন্নয়ন বিষয়া আনচুমি বসুমতাৰীয়ে ৰূপকোঁৱৰৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছতেই জ্যোতি ভাৰতীৰ শিল্পী আলিম্পন চৌধুৰীৰ নেতৃত্বত শিল্পী সকলে সমবেতভাৱে জ্যোতি সংগীত পৰিৱেশন কৰে । সেইদৰে ৰূপকোঁৱৰৰ স্মৃতি বিজড়িত ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত কাৰ্যনিৰ্বাহক সমিতিয়ে প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande