এজাক বৰষুণত জলমগ্ন লিডু কলেজ
এজাক বৰষুণত জলমগ্ন হয় লিডু কলেজ।
এজাক বৰষুণত জলমগ্ন লিডু কলেজ


তিনিচুকীয়া, ১৭ জুন (হি.স.): তিনিচুকীয়া জিলাৰ ৮৩ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিত থকা দুখন উচ্চ শিক্ষানুষ্ঠান বাৰিষাকাল আহিলেই যেন অঘোষিতভাৱে বন্ধ হোৱাৰ উপক্ৰম হয়। কৃত্ৰিম বানপানীত বুৰ যায় শিক্ষানুষ্ঠান দুখন।

লিডু অঞ্চলৰ উচ্চ শিক্ষানুষ্ঠান লিডু মহাবিদ্যালয় আৰু লিডু কনিষ্ঠ মহাবিদ্যালয়ত প্ৰায় প্ৰতি বছৰে সংঘটিত হয় এই সমস্যা। সামান্য বৰষুণতে জলমগ্ন হৈ পৰে সমগ্ৰ শিক্ষানুষ্ঠান চৌহদ। ফলত পাঠদানৰ লগতে ছাত্ৰ-ছাত্ৰীৰ যাতায়াতো ব্যাহত হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande