ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ ৰবীন্দ্ৰ সঙ্গীতৰ ৰাজ্যিক প্ৰতিযোগিতাত পুৰস্কৃত তেজপুৰৰ প্ৰতিযোগীক অভিনন্দন জ্ঞাপন
–তেজপুৰৰ সমন্বয়ক সাংবাদিক সমীৰ কৰক অভিনন্দন জ্ঞাপন শোণিতপুৰ, ১৭ জুন (হি.স.)। বিশ্ব কবি, কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬৫ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি ৰাজ্যজুৰি অসম ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডে আয়োজন কৰা ৰবীন্দ্ৰ সঙ্গীত আৰু ৰবীন্দ্ৰ নৃত্যৰ প্ৰত
ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ ৰবীন্দ্ৰ সঙ্গীতৰ ৰাজ্যিক প্ৰতিযোগিতাত তেজপুৰৰ দুই প্ৰতিযোগীৰ স্থান লাভ  দুই প্ৰতিযোগীক পুৰস্কাৰ প্ৰদান  তেজপুৰৰ সমন্বয়ক সাংবাদিক সমীৰ কৰক অভিনন্দন জ্ঞাপন


–তেজপুৰৰ সমন্বয়ক সাংবাদিক সমীৰ কৰক অভিনন্দন জ্ঞাপন

শোণিতপুৰ, ১৭ জুন (হি.স.)। বিশ্ব কবি, কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬৫ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি ৰাজ্যজুৰি অসম ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডে আয়োজন কৰা ৰবীন্দ্ৰ সঙ্গীত আৰু ৰবীন্দ্ৰ নৃত্যৰ প্ৰতিযোগিতাৰ ৰাজ্যিক পৰ্য্যায়ত পুৰস্কাৰ লাভ কৰিবলৈ সমৰ্থ হোৱা তেজপুৰৰ দুগৰাকী প্ৰতিযোগীক আজি সম্বৰ্ধনা জনোৱা হয় । লগতে দুই প্ৰতিযোগীক পুৰস্কাৰ প্ৰদান কৰা হয়।

উল্লেখ্য যে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত অসম ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ জিলা সমিতি সমূহে আয়োজন কৰা প্ৰতিযোগিতাৰ মাজৰ পৰা শ্ৰেষ্ঠ বিবেচিত হোৱা প্ৰতিযোগী সকলক লৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ প্ৰেক্ষাগৃহত যোৱা ১২ ,১৩ আৰু ১৪ জুনত ৰাজ্যখনৰ ১৮ খন জিলাৰ শ্ৰেষ্ঠ প্ৰতিযোগী সকলৰ মাজত ৰাজ্যিক প্ৰতিযোগিতা অনুষ্ঠিত হয় । এই ৰাজ্যিক প্ৰতিযোগিতাৰ ৰবীন্দ্ৰ সঙ্গীতত গ শাখাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয় তেজপুৰৰ সুস্মিতা সৰকাৰ আৰু খ শাখাত তৃতীয় স্থানেৰে সুনাম কঢ়িয়াই আনে তেজপুৰৰ কৃষ্ণ দাসে ।

উল্লেখ্য যে এই দুয়োগৰাকী প্ৰতিযোগীৰ লগতে তেজপুৰ সমিতিৰ সমন্বয়ক তথা সাংবাদিক সমীৰ কৰক শ্ৰীমন্ত শঙ্কৰদেৱ আন্তঃজাতিক প্ৰেক্ষাগৃহত সামৰণি অনুষ্ঠানত অসম ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ তথা বিধায়ক শিলাদিত্য দে', উপাধ্যক্ষ সুশান্ত বিশ্বাসৰ লগতে বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰা ব্যক্তি সকলৰ উপস্থিতিত অভিনন্দন জ্ঞাপন কৰে ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande