সোণাৰিত বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী সহ চাৰি গভাইত চোৰক আটক সোণাৰি আৰক্ষীৰ
চৰাইদেউ, ১৭ জুন (হি.স.)। সোণাৰিত বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী সহ চাৰি গভাইত চোৰক আটক কৰিলে সোণাৰি আৰক্ষীয়ে। বিগত কেইদিন ধৰি ধাৰাবাহিক ভাৱে চুৰি কাৰ্য সংঘটিত কৰি সন্ত্ৰাস চলাই থকা চাৰিটা গভাইত চোৰক বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী সহ নিশা সোণাৰি আৰক্ষীয়ে ক
সোণাৰিত বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী সহ চাৰি গভাইত চোৰক আটক সোণাৰি আৰক্ষীৰ


চৰাইদেউ, ১৭ জুন (হি.স.)। সোণাৰিত বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী সহ চাৰি গভাইত চোৰক আটক কৰিলে সোণাৰি আৰক্ষীয়ে।

বিগত কেইদিন ধৰি ধাৰাবাহিক ভাৱে চুৰি কাৰ্য সংঘটিত কৰি সন্ত্ৰাস চলাই থকা চাৰিটা গভাইত চোৰক বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী সহ নিশা সোণাৰি আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয়। আব্দুল ৰহিম (৩৯), ভজো টিয়ক বঙালিগাওঁৰ আৰিফ আলী (২৬), টিয়ক ৰজাবাৰী চুলেমান আহমেদ (২৬) আৰু জৱকা চাহ বাগিচাৰ মুন্না মহালি(২৫)ক আটক।আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰ কেইটাৰ স্বীকাৰোক্তিৰ ভিত্তিত আজি সোণাৰি আৰক্ষীয়ে নগৰখনৰ পাৰ্বতিপুৰ অঞ্চলত হাবিৰ মাজত লুকুৱাই ৰখা দুবস্তা কাহ পিতলৰ বাচন, শৰাই আৰু বহু কেইপদ মূল্যবান চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে গত দেওবাৰে উক্ত অঞ্চলৰ বাসিন্দা শিৱ প্ৰসাদ ফুকনৰ ঘৰত চোৰৰ এটা দলে চুৰি কাৰ্য সংঘটিত কৰি উক্ত কেইপদ মূল্যবান সামগ্ৰীৰ লগতে নগদ ৭০ হাজাৰ টকা আৰু ভালে কেইপদ সোণৰ অলংকাৰ চুৰি কৰি নিছিল। সোণাৰি আৰক্ষীয়ে চোৰ কেইটাৰ বিৰুদ্ধে এজাহাৰকাৰিয়ে দাখিল কৰা এজাহাৰ ওপৰত ভিত্তি কৰি ভাৰতীয় ন্যায় সংহিতাৰ ৩৩১(৪), ৩০৫ আৰু ২২২৩ ধাৰাৰ অধীনত ৪৩/২৬ নম্বৰৰ এটা গোচৰ ৰুজু কৰি চোৰ কেইটাক মাৰাথন জেৰা অব্যাহত ৰাখিছে।সোণাৰি আৰক্ষীয়ে চুৰি সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে চুৰি কাৰ্যত সহযোগ কৰা আন কেইবাটাও চোৰক ধৰিবৰ বাবে অভিযান অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande