
গুৱাহাটী, ১৭ জুন (হি.স.)। দেশ-বিদেশৰ লাখ লাখ ভক্তৰ সমাগমেৰে উদুলি-মুদুলি হৈ পৰিব নীলাচলৰ বুকু। প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচী মেলাত কামাখ্যা ধামলৈ লাখ লাখ ভক্তৰ সমাগম হ’ব বুলি অনুমান কৰা হৈছে। ভক্তসকলৰ বাবে ইতিমধ্যে গ্ৰহণ কৰা হৈছে বিশেষ ব্যৱস্থা।
দেশ-বিদেশৰ ভক্তসকলে যাতে কোনো ধৰণৰ অসুবিধা নাপায় তাৰ বাবে প্ৰতি বছৰে গ্ৰহণ কৰা হয় বিশেষ ব্যৱস্থা। এইবছৰো তাৰ ব্যতিক্ৰম নহয়। ইতিমধ্যে অম্বুবাচীক লৈ চলিছে পূৰ্ণ প্ৰস্তুতি। অম্বুবাচীৰ প্ৰবৃত্তি কেতিয়া?
২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা অনুষ্ঠিত হ’ব। জানিব পৰা মতে, ২২ জুনৰ পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হ’ব। ইয়াৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ কৰা হ’ব। অহা ২৬ জুনত অম্বুবাচীৰ নিবৃত্তি ঘটিব।
তাৰ পিছতে দেৱীক স্নান কৰোৱাৰ পিছত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰি দিয়া হ’ব। অম্বুবাচীৰ সময়ত কামাখ্যালৈ যোৱাৰ সময় নিৰ্ধাৰণ কৰা হৈছে। পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ কামাখ্যালৈ যাব পাৰিব ভক্তসকল। মাদক দ্ৰৱ্য সেৱন কৰা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ভক্তসকলক জোতা-চেণ্ডেল পিন্ধি ওপৰলৈ নাযাবলৈ আহ্বান জনোৱা হৈছে।
নাৰ্ছাৰী পইণ্টৰ পৰা যান-বাহন চলিবলৈ দিয়া নহ’ব। কেৱল জৰুৰীকালীন বাহনবোৰহে আহিবলৈ দিয়া হ’ব মন্দিৰ চৌহদলৈ। নিশা ১১ৰ পৰা পুৱা ৫ বজালৈ খাদ্য সামগ্ৰীৰ বাহন যাব। পথত কাৰ্পেটিং, ৰাজহুৱা ঘোষণাৰ ব্যৱস্থা কৰা হ’ব। খাদ্য পৰিদৰ্শকসকলে চোৱাচিতা কৰিব আহাৰৰ মান। বিভাগীয় কৰ্মচাৰীসকলৰ বাবে ফেৰী কাৰৰ ব্যৱস্থা কৰা হ’ব। মন্দিৰ চৌহদৰ লগতে সকলো ঠাইতে চাফ-চিকুনতাত গুৰুত্ব প্ৰদান কৰা হৈছে। বিশেষভাৱে সক্ষম, জ্যেষ্ঠ নাগৰিকৰ বাবে থাকিব ব্যৱস্থা। পাণ্ডু পথেৰে ফেৰী কাৰ চলিব। সোণাৰাম স্কুল খেলপথাৰৰ পৰা ফেৰী কাৰৰ ব্যৱস্থা থাকিব।
পাণ্ডু প’ৰ্টলৈ যাব লগা বাহনবোৰ আদাবাৰী হৈ যাব পাৰিব। জালুকবাৰীৰ পৰা অহা বাহন মালিগাঁৱলৈ আহিব নোৱাৰিব। পাব্লিক বাছবোৰ উৰণসেতুৰ ওপৰেৰে যাব পাৰিব। যাত্ৰীসকলৰ বাহন ছাৰ্ভিচ ৰোডৰে যাব নোৱাৰিব।
পাৰ্কিঙৰ বাবে কেইবাটাও স্থান নিৰ্ধাৰণ কৰা হৈছে। অম্বুবাচীৰ সময়ছোৱাত পথৰ দাঁতিত কোনো বাহন পাৰ্কিং কৰিব নোৱাৰিব। এইবাৰ কামাখ্যালৈ ৮ লাখ পৰ্যটকৰ আগমন ঘটাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী