প্ৰকৃতি সুৰক্ষাৰ বাবে গছপুলি ৰোপণ নীড়ৰ
যোৰহাট, ১৭ জুন (হি.স.)। প্ৰকৃতি সুৰক্ষাৰ অৰ্থাৎ গছপুলি ৰোপণৰ কোনো নিদিষ্ট দিন বা সময় নাথাকে। সেই কথা অনুধাৱন কৰি টীয়কৰ এদল যুৱকে নিজৰ কৰ্ম ব্যস্ততাৰ মাজতে দিনে- নিশাই যেতিয়াই সময় পাই তেতিয়াই ৰোপন কৰি গৈছে বিভিন্ন গছপুলি। টীয়কৰ নীড় নামৰ এক সা
প্ৰকৃতি সুৰক্ষাৰ বাবে গছপুলি ৰোপণ নীড়ৰ


যোৰহাট, ১৭ জুন (হি.স.)। প্ৰকৃতি সুৰক্ষাৰ অৰ্থাৎ গছপুলি ৰোপণৰ কোনো নিদিষ্ট দিন বা সময় নাথাকে।

সেই কথা অনুধাৱন কৰি টীয়কৰ এদল যুৱকে নিজৰ কৰ্ম ব্যস্ততাৰ মাজতে দিনে- নিশাই যেতিয়াই সময় পাই তেতিয়াই ৰোপন কৰি গৈছে বিভিন্ন গছপুলি।

টীয়কৰ নীড় নামৰ এক সামাজিক সংগঠনৰ এইসকল প্ৰতিনিধিয়ে দিনত গাড়ী চলাই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক অনা নিয়া কৰে আৰু নিশা এইদৰে ৰাজপথৰ দাঁতিতে হওক বা অন্যান্য স্থানতে হওক প্ৰায়ে এক ইতিবাচক কৰ্মত ব্যস্ত থাকে।

উল্লেখযোগ্য যে বিগত বছৰসমূহত নীড়ে বিভিন্ন সময়ত আৰ্তজনক সহায় কৰি অহাৰ সমান্তৰালকৈ চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বাবে গছ কাটিবলগীয়া হোৱাত এতিয়া পথ সম্পূৰ্ণ হোৱাৰ পাছত প্ৰাকৃতিক ভাৰাসাম্য ৰক্ষাৰ হেতুকে ইতিমধ্যে ১০০ ৰো অধিক গছপুলি ৰোপন কৰাৰ লগতে অনান্য গছপুলিসমূহো সাৰ- জাবৰ দি প্ৰতিপালন কৰি আছে।

কংক্ৰিটৰ নগৰৰ মাজত এইবৰ্ষত অন্তত: ১০০০ পুলি ৰোপন আৰু প্ৰতিপালনৰ পৰিকল্পনা কৰিছে নীড়ৰ সদস্যসকলে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande