
ৱেলিংটন, ১৭ জুন (হি.স.)। নিউজিলেণ্ড ক্ৰিকেট ব’ৰ্ডে (এন জেড চি) ২০২৬-২৭ বৰ্ষৰ কেন্দ্ৰীয় চুক্তিৰ তালিকা ঘোষণা কৰে। অ’পেনাৰ ডেভন কনৱে পুনৰ তালিকালৈ ঘূৰি অহাৰ বিপৰীতে বেগী বলাৰ ব্লেয়াৰ টিকনাৰকো পুনৰ চুক্তিবদ্ধ কৰা হৈছে। এইবাৰ তালিকাৰ পৰা বাদ পৰিছে আদিত্য অশোক আৰু মহম্মদ আব্বাছ।
বিশ্বৰ টি-২০ লীগৰ সৈতে জড়িত হোৱাৰ বাবে বিগত দুবছৰ ধৰি নিউজিলেণ্ডৰ ব’ৰ্ডৰ সৈতে সীমিত চুক্তিবদ্ধ আছিল ডেভন কনৱে। অৱশ্যে এতিয়া ২০২৬ চনৰ আগষ্টৰ পৰা ২০২৭ চনৰ জুলাই মাহলৈকে জাতীয় দলটোৰ সকলো আন্তঃৰাষ্ট্ৰীয় খেলৰ বাবে নিজকে উপলব্ধ কৰি তুলিছে।
নিউজিলেণ্ডৰ মুখ্য প্ৰশিক্ষক ৰব ৱালটাৰে কয় যে কনৱে দীৰ্ঘদিন ধৰি তিনিওটা ফৰ্মেটতে দলটোৰ মূল সদস্য হৈ আহিছে আৰু তেওঁৰ উভতি অহাৰ সময়ত দলটোৱে উল্লেখযোগ্য পৰিৱৰ্তনৰ সন্মুখীন হৈছে। বিশেষকৈ শেহতীয়াকৈ কেন উইলিয়ামছনৰ অৱসৰৰ পিছত কনৱেৰ অভিজ্ঞতা দলটোৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।
আনহাতে ফাষ্ট বলাৰ ব্লেয়াৰ টিকনাৰে ঘৰুৱা ক্ৰিকেট আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ধাৰাবাহিকভাৱে আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়াই আহিছে। আয়াৰলেণ্ডৰ বিৰুদ্ধে একমাত্ৰ টেষ্টত তেওঁৰ ৫টা উইকেট তেওঁৰ নিৰ্বাচনৰ এটা ডাঙৰ কাৰণ আছিল।
যোৱা ছিজনত কেন্দ্ৰীয় চুক্তি লাভ কৰা জেক ফকছ আৰু মিচ হেয়েও নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে।
এনজেডচিয়ে লগতে স্পষ্ট কৰি দিয়ে যে মাইকেল ব্ৰেচৱেল আৰু মাৰ্ক চেপমেনে টেষ্ট ক্ৰিকেট চুক্তিৰ ৰেংকিঙত অন্তৰ্ভুক্ত নহ’বলৈ অনুৰোধ জনাইছে। এতিয়া দুয়োগৰাকী খেলুৱৈয়ে কেৱল সীমিত অভাৰৰ বিশেষজ্ঞ হিচাপে কেন্দ্ৰীয় চুক্তিৰ তালিকাত থাকিব।
ব’ৰ্ডে কয় যে অনাগত সপ্তাহত সীমিত চুক্তি (কেজুৱেল প্লেইং এগ্ৰিমেণ্ট)ও ঘোষণা কৰা হ’ব, য’ত ফিন এলেন, লকি ফাৰ্গুচন, টিম ছেইফাৰ্টৰ দৰে খেলুৱৈও থাকিব পাৰে।
নিউজিলেণ্ডৰ কেন্দ্ৰীয় চুক্তি তালিকা (২০২৬-২৭):
টম ব্লাণ্ডেল, মাইকেল ব্ৰেচৱেল, মাৰ্ক চেপমেন, ডেভন কনৱে, জেকব ডাফী, জেক ফকছ, মিচ হে, মেট হেনৰী, কাইল জেমিছন, টম লেথাম, ডেৰিল মিচেল, হেনৰী নিকোলছ, উইল অ’ৰ’ৰ্ক, গ্লেন ফিলিপছ, ৰাচিন ৰবিন্দ্ৰ, মিচেল চেণ্টনাৰ, বেন ছিয়াৰ্ছ, নাথান স্মিথ, ব্লেয়াৰ টিকনাৰ আৰু উইল ইয়ং।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ