
তিনিচুকীয়া, ১৭ জুন (হি.স.)। মাৰ্ঘেৰিটা সম-জিলা ৰাজহচক্ৰ বিষয়া কাৰ্য্যালয়ৰ অৰ্ন্তগত টকলং গাঁৱত বুঢ়ীদিহিং নদীৰ ভয়াৱহ গৰাখহনীয়া। গৰাখহনীয়াৰ ফলত নদীত বিলিন হৈছে কৃষিজীৱী ৰাইজৰ কেইবা হেক্টৰ কৃষিভূমি।
বিগত বছৰটোতে নদীৰ বুকুত যাহ গল চয়টা কৈ পৰিয়ালৰ মাটি ভেতি। চৰকাৰ তথা প্ৰশাসনক বহু আবেদন নিবেদন কৰিও পৰিয়ালকেইটাই আজিপৰ্য্যন্ত নাপালে কোনো পুনঃসংস্থাপন। গৰাখহনীয়াৰ কৱলত মাটি ভেটি হেৰুৱাই সৰ্বস্ৰান্ত হোৱা টকলং গাঁৱৰ চয়টাকৈ পৰিয়ালৰ এতিয়া না-জল না-থল অৱস্থা।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু