তেজপুৰৰ বিশিষ্ট সাহিত্যিক গীতা উপাধ্যায়লৈ অসম চৰকাৰৰ ‘সতী সাধনী বঁটা’, তেজপুৰৰ বিভিন্ন অনুষ্ঠানৰ আনন্দ প্ৰকাশ
––জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ অভিনন্দন জ্ঞাপন –বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু ঋতুবৰণ শৰ্মাৰ চৰকাৰক কৃতজ্ঞতা জ্ঞাপন –শৰ্য্যগত গীতা উপাধ্যায়ৰ আশু আৰোগ্য কামনা বিভিন্ন অনুষ্ঠান -ব্যক্তিৰ –পৰিয়ালক আনুষ্ঠানিক খবৰ সদৰি কৰিলে জিলা সাংস্কৃতিক উন্নয়ন
তেজপুৰৰ বিশিষ্ট সাহিত্যিক গীতা উপাধ্যায়লৈ অসম চৰকাৰৰ সতী সাধনী বঁটা   তেজপুৰৰ বিভিন্ন অনুষ্ঠানৰ আনন্দ প্ৰকাশ


––জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ অভিনন্দন জ্ঞাপন

–বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু ঋতুবৰণ শৰ্মাৰ চৰকাৰক কৃতজ্ঞতা জ্ঞাপন

–শৰ্য্যগত গীতা উপাধ্যায়ৰ আশু আৰোগ্য কামনা বিভিন্ন অনুষ্ঠান -ব্যক্তিৰ

–পৰিয়ালক আনুষ্ঠানিক খবৰ সদৰি কৰিলে জিলা সাংস্কৃতিক উন্নয়ন বিষয়াই

শোণিতপুৰ, ১৭ জুন (হি.স.)। আজীৱন নিজৰ মাতৃভাষা দুটা এটা নেপালী আৰু আনটো অসমীয়া বুলি কৈ সাহিত্য চৰ্চা কৰি অহা দেশৰ মহান স্বাধীনতা সংগ্ৰামী ছবিলাল উপাধ্যায়ৰ নাতি তেজপুৰ নিবাসী গীতা উপাধ্যায়লৈ অসম চৰকাৰে সতী সাধনী বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰাত উৎফুল্ল হৈ পৰিছে তেজপুৰবাসী ।

উল্লেখ্য যে দুবাৰকৈ সাহিত্য অকাডেমি বঁটা লাভ কৰাৰ লগতে বিগত বৰ্ষত ভাৰত চৰকাৰৰ অন্যতম অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে বিভূষিত হোৱা বিশিষ্ট সাহিত্যিক গৰাকী বিগত প্ৰায় এবছৰ ধৰি শাৰীৰিক অসুস্থতাৰ বাবে বাসগৃহতে চিকিৎসাধীন হৈ থকাত পদ্মশ্ৰী সন্মানো অসম চৰকাৰৰ জৰিয়তে বাসগৃহতে গ্ৰহণ কৰিছিল ।শেহতীয়াকৈ স্মৃতি বিভ্ৰম ৰোগত আক্ৰান্ত হৈ হৈ শেতেলীতেই অতিবাহিত কৰা বিদূষী গৰাকীক এই অসম চৰকাৰে এই সন্মান প্ৰদানৰ কথা আজি ঘোষণা কৰাত জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে অভিনন্দন জ্ঞাপন কৰাৰ লগতে জিলা আয়ুক্ত গৰাকীৰ নিৰ্দেশনাত আজি তেজপুৰ চানমাৰীৰ বাসগৃহত শোণিতপুৰ জিলাৰ সাংস্কৃতিক উন্নয়ন বিষয়া আনচুমি বসুমতাৰী উপস্থিত হৈ পৰিয়ালক আনুষ্ঠানিকভাৱে এই খবৰ সদৰি কৰে ।

এই খবৰ লাভ কৰাৰ পিছতেই শোণিতপুৰ জিলা সাহিত্য সভা, তেজপুৰ সাহিত্য সভা, বাণ থিয়েটাৰ, অসমীয়া ক্লাব, তৰুণ অসম সংঘ আদি অনুষ্ঠানে আনন্দ প্ৰকাশ কৰি বিশিষ্ট সাহিত্যিক গৰাকীক অভিনন্দন জ্ঞাপন কৰি শীঘ্ৰেই আৰোগ্য কামনা কৰে । ইপিনে গীতা উপাধ্যায়লৈ এই সন্মান প্ৰদান কৰাত তেজপুৰৰ সাহিত্য অকাডেমি বঁটা প্ৰাপক জ্ঞান বাহাদুৰ ছেত্ৰী, চন্দ্ৰমণি উপাধ্যায়, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, বৰছলা সমষ্টিৰ বিধায়ক ঋতুবৰণ শৰ্মাই অভিনন্দন জ্ঞাপন কৰি অসম চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰে ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande