
নতুন দিল্লী, ১৭ জুন (হি.স.)। মহাৰাষ্ট্ৰৰ ৰাজনীতি আকৌ এবাৰ অশান্ত হৈ পৰিছে। শিৱসেনা (ইউবিটি)ৰ কেইবাজনো সাংসদে বিদ্ৰোহ কৰা বুলি জল্পনা-কল্পনাৰ মাজতে দলৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ সঞ্জয় ৰাউটে কথিত বিদ্ৰোহী সাংসদসকলৰ ওপৰত তীব্ৰ আক্ৰমণ চলাইছে। তেওঁ কয় যে যদি কোনোবাই দল ত্যাগ কৰিব বিচাৰে তেন্তে প্ৰথমে পদৰ পৰা পদত্যাগ কৰিব লাগে আৰু তাৰ পিছতহে অন্য কোনো ৰাজনৈতিক সিদ্ধান্ত ল’ব লাগে।
দিল্লীত এখন সংবাদমেলত সঞ্জয় ৰাউটে অভিযোগ কৰে যে দলৰ একাংশ সাংসদক দল সলনি কৰিবলৈ ১৫ কোটি টকাকৈ দিয়া হৈছিল। তেওঁ দাবী কৰে যে এই সাংসদসকলক পিছত চাৰ্টাৰ্ড বিমানেৰে বিভিন্ন স্থানলৈ লৈ যোৱা হয়। অৱশ্যে তেওঁৰ অভিযোগৰ সমৰ্থনত কোনো প্ৰত্যক্ষ প্ৰমাণ দাঙি ধৰা নাছিল।
ৰাউতে উল্লেখ কৰে যে দলৰ ভিতৰৰ পৰিস্থিতিৰ আলোকত কাইলৈৰ সংসদীয় দলৰ বৈঠকৰ বাবে হুইপ জাৰি কৰা হৈছে। সভাত উপস্থিত থাকিবলৈ সকলো সাংসদক নিৰ্দেশ দিয়া হৈছে বুলিও তেওঁ কয়। এই সমগ্ৰ বিষয়টো সন্দৰ্ভত দলৰ সাংসদ অৰবিন্দ সাৱন্তই লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ এখন পত্ৰ লিখিছে বুলিও তেওঁ অৱগত কৰে।
বিদ্ৰোহী নেতাসকলক লক্ষ্য কৰি ৰাউতে কয় যে দলটোক বিশ্বাসঘাতকতা কৰাসকলক ৰেহাই দিয়া নহ’ব। লগতে সংবাদ মাধ্যমক তেওঁলোকৰ বক্তব্য সম্পূর্ণৰূপে প্রতিবেদন কৰিবলৈ আৰু প্রসংগ বাহিৰলৈ কোনো ধৰণৰ মন্তব্য প্রচাৰ নকৰিবলৈও আহবান জনায় ৷
ইফালে সাংসদ অৰবিন্দ সাৱন্তই কয়, সংবিধান ৰক্ষাৰ বিষয়ত আমি লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ এখন পত্ৰ লিখিছো। এতিয়ালৈকে কোনো দলৰ নেতাই আমাক দল এৰি যোৱাৰ কথা অৱগত কৰা নাই।
উল্লেখযোগ্য যে উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱসেনা (ইউ বি টি)ৰ ৯ জন লোকসভা সাংসদৰ ভিতৰত ছয়ৰ পৰা সাতজন সাংসদে বিদ্ৰোহ কৰা বুলি ৰাজনৈতিক মহলত উৰাবাতৰি বিয়পি পৰিছে। মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ শিণ্ডেৰ নেতৃত্বত শিৱসেনা ফৈদত যোগদান কৰিব পাৰে এই সাংসদসকলে। এক সুকীয়া সংসদীয় গোটৰ স্বীকৃতি প্রক্রিয়া আৰম্ভ কৰিবলৈ লোকসভাৰ অধ্যক্ষক সাক্ষাৎ কৰাৰ কথাও চর্চা হৈছে৷
অৱশ্যে এতিয়ালৈকে কোনো সাংসদ দলৰ পৰা আঁতৰি অহাৰ কথা ৰাজহুৱাকৈ ঘোষণা কৰা নাই। ফলস্বৰূপে অনাগত দিনত শিৱসেনাৰ ৰাজনীতি আৰু মহাৰাষ্ট্ৰৰ ৰাজনৈতিক গতিশীলতাৰ ওপৰত সকলোৰে দৃষ্টি থাকিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া