দিল্লী ৰেলৱে ষ্টেচনৰ পৰা নিখোজ মংগলদৈ সৰুথেকেৰাবাৰী গাঁৱৰ এছএছবি জোৱান
SSB নিৰুদ্দেশ মঙলদৈ ।
দিল্লী ৰেলৱে ষ্টেচনৰ পৰা নিখোজ মংগলদৈ সৰুথেকেৰাবাৰী গাঁৱৰ এছএছবি জোৱান


দৰং, ১৭ জুন (হি.স.): দৰং জিলাৰ মংগলদৈৰ সৰুথেকেৰাবাৰী গাঁৱৰ এগৰাকী এছএছবি জোৱান দিল্লীত নিৰুদ্দেশ হৈ পৰিছে । জোৱান জনৰ নাম শৰৎ ডেকা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে এছএছবিত কৰ্মৰত জোৱান জনে ১২ জুনৰ দিনা কৰ্মস্থলীলৈ গমন কৰিছিল ৷ জোৱানজনে ঘৰৰ পৰা আবেলি ৩ বজাত ওলাই ৰঙিয়া ৰেলৱে ষ্টেচনৰ পৰা নিশা ১০.৫৫ বজাত তেওঁ দিল্লীলৈ যোৱা ট্ৰেইনত যাত্ৰা কৰে । তেওঁ গৈ ১৫ জুনৰ ৰাতি ১ বাজি ১০ মিনিটত দিল্লী ৰেলৱে ষ্টেচনত নামি ঘৰলৈ ফোন কৰে । ইয়াৰ পিচতে ঋষিকেশলৈ বাছৰ টিকট কটাৰ পিছত তেতিয়াৰ পৰা কোনো সন্ধান নাই জোৱান জনৰ। প্ৰশাসনৰ লগত যোগাযোগ ৰখা হৈছে যদিও এতিয়ালৈকে কোনো সন্ধান পোৱা নাই এছএছবি জোৱান শৰৎ ডেকাৰ । কোনোবাই যদি জোৱানজনৰ সন্ধান পায় তেনেহ’লে 6001503243 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালবৰ্গই আহ্বান জনাইছে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande