
হোজাই, ১৭ জুন (হি.স.)। উচ্ছেদৰ জাননী গ্ৰহণ নকৰে ডবকাৰ যমুনা-মৌডংগা সংৰক্ষিত বনাঞ্চলত বসবাস কৰা লোকে
ডবকাৰ যমুনা মৌডংগা সংৰক্ষিত বনাঞ্চল দখল কৰা লোকক পুনৰ উচ্ছেদৰ জাননী বন বিভাগৰ।
কিন্তু উচ্ছেদৰ জাননী গ্ৰহণ নকৰে বনাঞ্চলৰ ভুমিত বসবাস কৰা একাংশ লোকে । তেওঁলোকৰ মতে ১৯৭১ চনত তেওঁলোকক বন বিভাগে আবন্টন দিছে ভুমি। তদুপৰি তেওঁলোকক শ্ৰমিক হিচাপে দীৰ্ঘদিন ধৰি কাম কৰাই আহিছিল বন বিভাগে।
বন বিভাগৰ লোকক নথি প্ৰদৰ্শন কৰি জাননী গ্ৰহন নকৰে একাংশ দখলকাৰীয়ে । উল্লেখ্য যে উচ্চ ন্যায়ালৰ নিৰ্দেশৰ পাছত পুনৰ বনাঞ্চলৰ ভুমি বেদখলমুক্ত কৰিবলৈ তৎপৰ হৈছে বন বিভাগ।
ডবকাৰ যমুনা-মৌডংগা সংৰক্ষিত বনাঞ্চলত বসবাস কৰা ১২৫০ টি পৰিয়ালৰ ১০৯৮ পৰিয়ালক জানুৱাৰী মাহতেই উচ্ছেদ কৰিছিল বন বিভাগে।
বাকী লোকসকলে উচ্চ ন্যায়ালৰ দাৰস্থ হোৱাত সাময়িক সকাহ লাভ কৰিছিল ১৫২ টি পৰিয়ালে।
উচ্চ ন্যায়ালৰ ৰায়দানৰ পাছত হাহাকাৰ লাগিছে এইলোকসকলৰ মাজত।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু