
ধুবুৰী, ১৭ জুন (হি.স.): ধুবুৰী জিলাৰ গোলকগঞ্জৰ বিৰাট নগৰ চাৰিআলিৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই ঘটনাত এজন গুৰুতৰভাৱে আহত হয় এজন লোক ।
প্ৰাপ্ত তথ্য মতে কালি নিশা গৌৰীপুৰৰ পৰা আগমনি অভিমুখী এএছ ০১ বিএ ২৭২৯ নম্বৰৰ তীব্ৰ বেগী চেভ্ৰলেট বাহন এখনে ৰাস্তাৰ কাষত থিয় হৈ থকা গোপী কৰ্মকাৰ নামৰ ব্যক্তিজনক খুন্দিয়াই পলায়ন কৰে। পিছত স্থানীয় ৰাইজে আহত গোপী কৰ্মকাৰক গোলকগঞ্জ চিকিৎসালয়ত নিয়ে যদিও অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে ধুবুৰী মেডিকেল কলেজ হস্পিতাললৈ নিয়াৰ বাবে উপদেশ দিয়ে। কিন্তু পৰিয়ালৰ লোকে চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ কোচবিহাৰৰ শীলা নাৰ্চিংহোমত ভৰ্তি কৰে।
উল্লেখ্য যে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা বাহনখনক আগমনি আৰক্ষীয়ে খেদি যায় যদিও চালকে বাহনখন ৰখাই পলায়ন কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ