
কামৰূপ, ১৭ জুন (হি.স.): তামিলনাডুত কাম কৰিবলৈ গৈ দুজনকৈ লোকক হেৰুওৱা ৰঙিযাৰ এটি পৰিয়াল সম্প্ৰতি বহি ৰাজ্য়ত আৱদ্ধ হৈ পৰিছে। ইফালে মৃতদেহ স্বগৃহলৈ অনাত তামিলনাডু আৰক্ষীৰ বাধাৰ বাবে এতিয়া স্থানীয় বিধায়ক তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ সহায় বিচাৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে ।
জানিব পৰামতে, ৰঙিয়াৰ ততাৰকুছি গাঁৱৰ এটা সাধাৰণ পৰিয়ালৰ ৬ জন সদস্যই কৰ্মসূত্ৰে তামিলনাডুৰ ৰাজপালায়মৰ 'এছআৰ টিভি কোম্পানী'ত কাম কৰি আছিল। কিন্তু দুৰ্ভাগ্যবশত যোৱা ১০ জুন, ২০২৬ তাৰিখে এক শোকাৱহ বিদ্যুৎ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱাইছিল মাতৃ সাবিত্ৰী ঘোষে । ইয়াৰ পিছতে ১৫ জুনত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় পুত্ৰ সঞ্জীৱ ঘোষৰো । আন এজন অসমৰ যুৱকো বৰ্তমান চিকিৎসালয়ত জীৱন-মৃত্যুৰে যুঁজি আছে। বৰ্তমান তামিলনাডুৰ তিৰুনেলভেলী মেডিকেল কলেজত (Tirunelveli Medical College) অসহায় অৱস্থাত পৰি থকা মৃত সঞ্জীৱ ঘোষৰ ভাতৃ গণেশ ঘোষে ৰঙিয়াৰ স্থানীয় বিধায়ক তথা অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা ওচৰত তেওঁলোকক উদ্ধাৰ কৰাৰ লগতে ককায়েকৰ মৃতদেহ অসমলৈ ওভতাই আনিবলৈ চকুলো টুকি কাতৰ অনুৰোধ জনাইছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ