পখিলা খেদা বয়সত ৰঙিয়াৰ এগৰাকী কণমানিলৈ নামি আহিছে এক ঘোৰ অমানিশা
পখিলা খেদা বয়সত ৰঙিয়াৰ এগৰাকী কণমানিলৈ নামি আহিছে এক ঘোৰ অমানিশা।
পখিলা খেদা বয়সত ৰঙিয়াৰ এগৰাকী কণমানিলৈ নামি আহিছে এক ঘোৰ অমানিশা


কামৰূপ, ১৭ জুন (হি.স.): পখিলা খেদা বয়সত ৰঙিয়াৰ এগৰাকী কণমানিলৈ নামি আহিছে এক ঘোৰ অমানিশা । ৰঙিয়াৰ দৰিদ্ৰ পৰিয়ালৰ সন্তান হিমাশ্ৰী দেৱীয়ে বৃক্কৰ এক জটিল ৰোগত আক্ৰান্ত হৈ আছে। অৰ্থৰ অভাৱত উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হৈছে কনমানি হিমাশ্ৰী ।

ভৱিষ্যতে চিকিৎসক হৈ মাকৰ সকলো দুখ দূৰ কৰাৰ হেপাঁহ কনমানি হিমাশ্ৰীৰ । স্বামীহাৰা জোনালী দেৱীয়ে একমাত্ৰ সন্তানটিৰ বাবে বিচাৰিছে মুখ্যমন্ত্ৰীৰ লগতে সুহৃদ ব্যক্তিৰ সহায় । শিশুটিক সুস্থ কৰি তুলিবলৈ প্ৰয়োজন উন্নত চিকিৎসাৰ । আৰু এই চিকিৎসাৰ বাবে বহু পৰিমাণৰ টকাৰ প্ৰয়োজন । কন্যাৰ চিকিৎসা কৰি কৰি সৰ্বস্বান্ত হৈ পৰিছে অসহায় জোনালী দেৱী । পৰিয়ালটোক যদি কোনো সুহৃদ ব্যক্তিয়ে সহায় আগবঢ়াব বিচাৰে তেনেহলে - Acount No - 7292029012540 , IFSC - PUNBORRBAGB , যোগাযোগ নম্বৰ - 9531294153 ফোন কৰি সহায় কৰিব পাৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande