পখিলাৰ সৈতে খেলাৰ সময়ত ৰঙিয়াত এগৰাকী অসহায় কনমানি
কামৰূপ, ১৭ জুন (হি.স.)। পখিলাৰ সৈতে খেলাৰ সময়ত ৰঙিয়াত এগৰাকী অসহায় কনমানি । নাম হিমাশ্ৰী ।ৰঙিয়াৰ এটি দুখীয়া পৰিয়ালৰ সন্তান হিমাশ্ৰী দেৱীয়ে বৃক্কৰ এক জটিল ৰোগত আক্ৰান্ত হৈ আছে । অৰ্থৰ অভাৱত উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত কনমানি হিমাশ্ৰী । ভৱিষ্
পখিলাৰ সৈতে খেলাৰ সময়ত ৰঙিয়াত এগৰাকী অসহায় কনমানি


কামৰূপ, ১৭ জুন (হি.স.)। পখিলাৰ সৈতে খেলাৰ সময়ত ৰঙিয়াত এগৰাকী অসহায় কনমানি । নাম হিমাশ্ৰী ।ৰঙিয়াৰ এটি দুখীয়া পৰিয়ালৰ সন্তান হিমাশ্ৰী দেৱীয়ে বৃক্কৰ এক জটিল ৰোগত আক্ৰান্ত হৈ আছে । অৰ্থৰ অভাৱত উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত কনমানি হিমাশ্ৰী । ভৱিষ্যতে চিকিৎসক হৈ মাকৰ সকলো দুখ দূৰ কৰাৰ হেপাঁহ কনমানি হিমাশ্ৰীৰ ।

স্বামীহাৰা জোনালী দেৱীয়ে একমাত্ৰ সন্তানটিৰ বাবে বিচাৰিছে মুখ্যমন্ত্ৰীৰ লগতে সুহৃদ ব্যক্তিৰ সহায় । শিশুটিক সুস্থ কৰি তুলিবলৈ প্ৰয়োজন উন্নত চিকিৎসাৰ । আৰু এই চিকিৎসাৰ বাবে বহু পৰিমাণৰ টকাৰ প্ৰয়োজন । কন্যাৰ চিকিৎসা কৰি কৰি সৰ্বস্বান্ত হৈ পৰিছে অসহায় জোনালী দেৱী । পৰিয়ালটোক যদি কোনো সুহৃদ ব্যক্তিয়ে সহায় আগবঢ়াব বিচাৰে - Acount No - 7292029012540 , IFSC - PUNBORRBAGB , যোগাযোগ নম্বৰ - 9531294153 ।*

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande