ধুবুৰীৰ চিকিৎসা মহাবিদ্যালয়ত কয়দীৰ মৃত্যু
ধুবুৰীৰ চিকিৎসা মহাবিদ্যালয়ত অঘটন।
ধুবুৰীৰ চিকিৎসা মহাবিদ্যালয়ত কয়দীৰ মৃত্যু


ধুবুৰী, ১৭ জুন (হি.স.): ধুবুৰীৰ চিকিৎসা মহাবিদ্যালয়ত যোৱা কালি মঙলবাৰে সন্ধিয়া এক অঘটন সংঘটিত হয । ধুবুৰী কাৰাগাৰত অসুস্থ হৈ পৰা এজন কয়দীক চিকিৎসা জনিত কাৰণত ভৰ্ত্তি কৰোৱা হৈছিল ধুবুৰীৰ চিকিৎসা মহাবিদ্যালয়ত । শাৰীৰিক অৱনতি ঘটাত মৃত্যু হয় কয়দী গৰাকীৰ।

মন কৰিবলগীয়া যে মৃত্যুৰ আগমুহূৰ্তত স্পষ্ট হয় কয়দী গৰাকীৰ এইডছ ৰোগত আক্ৰান্ত আছিল । কয়দী গৰাকীৰ নাম গোলাম মূৰ্তুজা আহমেদ বুলি কোৱা হৈছে। তেওঁৰ ঘৰ দক্ষিণ শালমাৰাৰ খাৰুৱা বান্ধাত বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande