টংলাৰ চাৰণপাৰাত এখন দলঙৰ বাবে হাহাকাৰ স্থানীয় ৰাইজৰ
ওদালগুৰি, ১৭ জুন (হি.স.)। টংলাৰ চাৰণপাৰাত এখন দলঙৰ বাবে হাহাকাৰ স্থানীয় লোকৰ।যোৱা ৫ বছৰে নিৰ্মাণ নহ''ল টংলা চাৰণপাৰা পথৰ গেৰুৱা নদীৰ ভগ্ন দলং।কানসাৰ নাই স্থানীয় প্ৰতিনিধি কিম্বা বিয়াগোম বিভাগ।অতিশীঘ্ৰেই স্থানীয় বিধায়ক মহেশ্বৰ বড়ো আৰু পাৰিষদ তথা ই এ
টংলাৰ চাৰণপাৰাত এখন দলঙৰ বাবে হাহাকাৰ স্থানীয় ৰাইজৰ


ওদালগুৰি, ১৭ জুন (হি.স.)। টংলাৰ চাৰণপাৰাত এখন দলঙৰ বাবে হাহাকাৰ স্থানীয় লোকৰ।যোৱা ৫ বছৰে নিৰ্মাণ নহ'ল টংলা চাৰণপাৰা পথৰ গেৰুৱা নদীৰ ভগ্ন দলং।কানসাৰ নাই স্থানীয় প্ৰতিনিধি কিম্বা বিয়াগোম বিভাগ।অতিশীঘ্ৰেই স্থানীয় বিধায়ক মহেশ্বৰ বড়ো আৰু পাৰিষদ তথা ই এম লোমশ্ৰাও দৈমাৰীক দলং নিৰ্মাণ কৰি দিয়াৰ দাবী স্থানীয় লোকৰ।উল্লেখ্য যে ওদালগুৰি জিলাৰ টংলা ছিপাঝাৰ অসম মালা পথৰ পৰা চাৰণ পাৰা খৈৰাবাৰীলৈ যোৱা পথৰ চাৰণপাৰা গেৰুৱা নৈত অৱস্থিত আৰ চি চি দলং খন যোৱা ২০২০ চনৰ বাঢ়নী পানীত উটি গৈছিল আৰু তেতিয়াৰে পৰা সম্পূৰ্ণ দুটা ভাগত বিভক্ত হৈছিল অতি ব্যস্ত পথটো।

খৰালি কালত অঞ্চলবাসী ৰাইজে বাহৰ দলং দি অহা যোৱা কৰি আহিছে যদিও, বাৰিষা আহিলে অতি ভয়ানক আৰু বিপদ সংকুল হৈ পৰে যাৰ বাবে সম্পূৰ্ণ স্তব্ধ হৈ যায় যাতায়ত ব্যৱস্থা। ফলত লৰা ছোৱালী স্কুল কলেজ অহা যোৱাৰে পৰা ব্যৱসায় বাণিজ্যৰ বাবে ইপাৰ মানুহ সিপাৰে যা'ৱ নোৱাৰা হয় পৰে।দলংখন নিৰ্মাণ কৰি দিয়াৰ বাবে পূৰ্বৰ বিধায়ক বিশ্বজিৎ দৈমাৰীক বহুবাৰ আবেদন কৰিছিল যদিও কাণসাৰ নিদিয়াৰ অভিযোগ।সেয়েহে নতুন চৰকাৰৰ খনৰ নতুন বিধায়ক মহেশ্বৰ বড়োৰ লগতে স্থানীয় পাৰিষদ লোমশ্ৰাও দৈমাৰীৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত মামাক দলং নিৰ্মাণ কৰি দিয়াৰ অনুৰোধ কৰিছে স্থানীয় লোকে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande