খুমটাইত এটা পথৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে ৰাইজক
গোলাঘাট, ১৭ জুন (হি.স.)। খুমটাইত পথৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে ৰাইজক। খুমটাই বাগিচাৰ পৰা পতিয়া পথাৰ হৈ মৌ খোৱা সংযোগী এই পথটোত এতিয়া পুখুৰী সদৃশ বৃহৎ বৃহৎ গাঁত । পথটোত যিকোনো সময়তে গাঁতত পৰি দুৰ্ঘটনাত পতিত হ''ব পাৰে পথাচাৰী । ২০১১ চনতেই অন্তি
খুমটাইত এটা পথৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে ৰাইজক


গোলাঘাট, ১৭ জুন (হি.স.)। খুমটাইত পথৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে ৰাইজক। খুমটাই বাগিচাৰ পৰা পতিয়া পথাৰ হৈ মৌ খোৱা সংযোগী এই পথটোত এতিয়া পুখুৰী সদৃশ বৃহৎ বৃহৎ গাঁত । পথটোত যিকোনো সময়তে গাঁতত পৰি দুৰ্ঘটনাত পতিত হ'ব পাৰে পথাচাৰী ।

২০১১ চনতেই অন্তিম বাৰৰ বাবে নিৰ্মাণ কৰা হৈছিল এই পথটো । কংগ্ৰেছ চৰকাৰৰ পাঁচটা বছৰ আৰু বিজেপি চৰকাৰৰ ১০ টা বছৰতো মেৰামতিৰ নামত শিল এটাও নপৰিল এই পথটোত । পথটোৱে দি দৈনিক পাৰ হৈ শ শ পথাচাৰী । পথটোৰ এনে দুৰৱস্থাই এতিয়া যমৰ যাতনা ভুগাইছে পথাচাৰী তথা স্থানীয় ৰাইজক । খুমটাই বিধায়ক গৰাকীক কেইবা বাৰো অনুৰোধ জনোৱাৰ পিছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ । এতিয়া লোক নিৰ্মাণ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান স্থানীয় ৰাইজৰ ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande