অভয়াপুৰীত বাঁহৰ সাঁকোৰে বিপদসংকুল পাৰাপাৰ
দেশত বুলেট ট্ৰেইন, উৰণীয়া সেতুৰ কথা কোৱা হৈছে।
অভয়াপুৰীত বাঁহৰ সাঁকোৰে বিপদসংকুল পাৰাপাৰ


বঙাইগাঁও ১৭ জুন (হি.স.): বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ নিকটৱৰ্তী শিঙিমাৰী প্ৰথম খণ্ড গাঁৱৰ লোকসকলে দৈনন্দিন যাতায়তৰ ক্ষেত্ৰত ব্যাপক আহুকালৰ সন্মুখীন হৈ আহিছে। হাতত কিতাপৰ বেগ লৈ মৰণক শৰণ দি নিতৌ বাঁহৰ সাঁকোৰে কুজীয়া নৈ পাৰ হ’বলগীয়া হৈছে কণ কণ ছাত্ৰ-ছাত্ৰীসকল । কেৱল ছাত্ৰ-ছাত্ৰীয়েই নহয়, গাঁৱৰ আবাল-বৃদ্ধ-বনিতা সকলোৰে বাবে কুজীয়া নৈৰ ওপৰত থকা এই জৰাজীৰ্ণ বাঁহৰ সাঁকোখনেই হৈছে একমাত্ৰ ভৰসা।

প্ৰতিবছৰে বাৰিষা আহে আৰু গাঁৱবাসীৰ বাবে কঢ়িয়াই আনে একো একোটা বিভীষিকা। বাৰিষাৰ ঢলে উটুৱাই লৈ যায় গাঁৱবাসীয়ে নিজৰ গাঁঠিৰ ধন ভাঙি সজা বাঁহৰ সাঁকোখন। এই বিপদসংকুল সাঁকোৰ পৰা পিছলি পৰি ইতিমধ্যে এই গাঁৱৰে ৪ জনকৈ নিৰীহ লোকে হেৰুৱাব লগীয়া হৈছে নিজৰ প্ৰাণ। ৪ টাকৈ সপোন সলিল সমাধি ঘটাৰ পিছতো কিন্তু সাৰ পোৱা নাই প্ৰশাসনৰ, গা লৰা নাই জনপ্ৰতিনিধিৰ।

শিঙিমাৰী প্ৰথম খণ্ড গাঁৱৰ দুৰ্দশা কেৱল এইখন জৰাজীৰ্ণ সাঁকোতেই সীমাবদ্ধ নহয়। একবিংশ শতিকাৰ এই আধুনিক যুগত, যি সময়ত ঘৰে ঘৰে বিজুলী যোগানৰ দাবী কৰা হৈছে, সেই সময়ত এই অতি পুৰণি গাঁওখনত আজিলৈকে জ্বলি নুঠিল এটা বৈদ্যুতিক চাকি। নাই কোনো বিদ্যুৎ সংযোগ।

নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই ভোট আদায় কৰা জনপ্ৰতিনিধি সকলৰ এতিয়া দেখা পোৱা নাযায় কোনো শুংসূত্ৰ। উপায়হীন হৈ এতিয়া গাঁৱবাসীয়ে আশাৰে বাট চাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ। মুখ্যমন্ত্ৰীৰ ওচৰত শিঙিমাৰী প্ৰথম খণ্ডৰ গাঁৱবাসীৰ এটাই কাতৰ আহ্বান— আমাক এখন স্থায়ী দলং দিয়ক ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande