প্ৰধানমন্ত্ৰী মোদীৰ জাৰ্মান চ্যান্সেলৰক সাক্ষাৎ, বিভিন্ন ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাত গুৰুত্ব আৰোপ
নতুন দিল্লী, ১৭ জুন (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে ফ্ৰান্সৰ ইভিয়ানত অনুষ্ঠিত জি-৭ সন্মিলনৰ আঁৰত জাৰ্মানীৰ চ্যান্সেলৰ ফ্ৰেডৰিক মেৰ্জক সাক্ষাৎ কৰে । দুয়োগৰাকী নেতাই বিভিন্ন ক্ষেত্ৰত সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি পুনৰ
प्रधानमंत्री मोदी और जर्मन चांसलर


নতুন দিল্লী, ১৭ জুন (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে ফ্ৰান্সৰ ইভিয়ানত অনুষ্ঠিত জি-৭ সন্মিলনৰ আঁৰত জাৰ্মানীৰ চ্যান্সেলৰ ফ্ৰেডৰিক মেৰ্জক সাক্ষাৎ কৰে । দুয়োগৰাকী নেতাই বিভিন্ন ক্ষেত্ৰত সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ কৰে। চলিত বৰ্ষৰ শেষৰ ফালে জাৰ্মানীত অনুষ্ঠিত হ’বলগীয়া অষ্টম ভাৰত-জাৰ্মানী আন্তঃচৰকাৰী আলোচনা (আই জি চি)লৈ চ্যান্সেলৰ মেৰ্জে প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ জনায়।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি নেতাসকলে দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰি ভাৰত-জাৰ্মানীৰ কৌশলগত অংশীদাৰিত্বৰ নতুন গতিত সন্তুষ্টি প্ৰকাশ কৰে। বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, সেউজ আৰু বহনক্ষম উন্নয়ন, প্ৰযুক্তি, উদ্ভাৱন, শিক্ষা আৰু গতিশীলতাৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়ে আলোচনা কৰে।

তেওঁলোকে প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতা ৰোডমেপ স্বাক্ষৰ আৰু জাৰ্মানীৰ মাজেৰে ট্ৰেনজিট কৰা ভাৰতীয় নাগৰিকৰ বাবে ট্ৰেনজিট ভিছা ৰেহাই কাৰ্যকৰী কৰাক আদৰণি জনায়। দুয়োগৰাকী নেতাই পশ্চিম এছিয়াৰ পৰিস্থিতি আৰু ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতকে ধৰি পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বিশ্বব্যাপী উন্নয়নৰ ওপৰত মত বিনিময় কৰে। পশ্চিম এছিয়াত সংঘাতৰ অন্ত পেলাবলৈ যি সহমতত উপনীত হৈছে, সেই ঐকমত্যকো আদৰণি জনায়।

উল্লেখযোগ্য যে ভাৰত আৰু জাৰ্মানীয়ে ২০২৬ চনত কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰীয়া জয়ন্তী উদযাপন কৰিব। এইবছৰ দুয়োখন নেতাৰ মাজত এইবাৰৰ এয়া দ্বিতীয়খন বৈঠক আছিল ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande