
কামৰূপ, ১৭ জুন (হি.স.)। ৰঙিয়াত এ ডিভিজন ফুটবল লীগ
ৰঙিয়া,১৭জুনঃৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অহা ২৪ জুনৰ পৰা এ ডিভিজন ফুটবল লীগৰ আয়োজন কৰা হৈছে। স্থানীয় জয়ন্তীপুৰ যোগেশ্বৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'ব উক্ত প্ৰতিযোগিতা ।
ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক মুকুতানন্দ ভট্টাচাৰ্যই প্ৰেছ বিজ্ঞপ্তি যোগে সদৰি কৰা অনুসৰি নৱপ্ৰজন্মক ক্ৰীড়াৰ ক্ষেত্ৰখনত আগ্ৰহী কৰি তোলাৰ লক্ষ্যৰে অহা ১২ জুলাইৰ পৰা ১৫ বছৰ অনুৰ্ধ্ব ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। পৰৱৰ্তী পৰ্যায়ত বি ডিভিজন ফুটবল আৰু ১৯ বছৰৰ অনুৰ্দ্ধ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰো উদ্যোগ গ্ৰহণৰ বিষয়ে বিজ্ঞপ্তিটোত প্ৰকাশ কৰাৰ লগতে ক্ৰীড়ানুৰাগী ৰাইজৰ সহযোগিতা কামনা কৰে মুকুতানন্দ ভট্টাচাৰ্যই।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা