
নলবাৰী, ১৭ জুন (হি.স.)। আজি নলবাৰীত অনুস্থিত কৰা হৈছে সদ্য প্ৰয়াত ছাত্ৰ নেতা মাধুৰ্য্য বৰ্মনৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে ইডেন ভেলি চামতা,পশ্চিম নলবাৰী প্ৰেছ ক্লাৱ,চামতা আঞ্চলিক ক্ৰীড়া সংঘ,পশ্চিম নলবাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলন,চামতা ভকতপাৰা বিষ্ণু মন্দিৰ পৰিচালনা সমিতি,চামতা বজাৰ পৰিচালনা সমিতি আৰু বৃহত্তৰ পশ্চিম নলবাৰীৰ ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা হৈছে ৰাজহুৱা স্মৃতিচাৰণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।
উল্লেখ্য যে বিগত ৩১ মেৰ নিশা ৰৌজ আলীয়ে এক পক্ষীয় প্ৰেমৰ বাবেই বৰ্বৰ ভাবে আক্ৰমণ কৰি হত্যা কৰিছিল পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক মাধুৰ্য্য বৰ্মনক। ভগ্নী মৃদুমুদ্ৰা ডেকাকো কৰিছিল আক্ৰমণ। আজিও চিকিৎসাধীন হৈ আছে মৃদুমুদ্ৰা ডেকা। নলবাৰীৰ গঙ্গাপুৰত সংঘটিত হৈছিল এই ঘটনা। নিজ ভগ্নীক বচাবলৈ গৈ বীৰৰ দৰে মৃত্যু মুখত পৰা ছাত্ৰ নেতা মাধুৰ্য্য বৰ্মনৰ স্মৃতিচাৰণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত। পুৱা ১১-৩০ বজাৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানত এইদৰে পিতৃ হৰিচন্দ্ৰ বৰ্মন আৰু মাতৃ দীপা বৰ্মনে মাধুৰ্য্য বৰ্মনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ পিছতেই আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য্য, সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।অনুষ্ঠানত সমগ্ৰ নলবাৰীৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে বিশিষ্ট ব্যক্তি সকলে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।এক কৰুণ আৰু আধ্যাত্মিক পৰিবেশৰ মাজেৰে অনুস্থিত কৰা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰা হয়।বৰ গীত পৰিবেশন কৰি আৰম্ভ কৰা অনুষ্ঠানত আয়তীৰ দিহা নাম পৰিবেশন কৰাৰ লগতে নাগাৰা নাম পৰিবেশন কৰা হয় আৰু সামুহিক বন্তি প্ৰজ্বলন কৰা হয়।ইপিনে পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক মাধুৰ্য্য বৰ্মনৰ সোৱৰণত নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতি বছৰে আন্তজিলা ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ ঘোষণা কৰাৰ লগতে মাধুৰ্য্য বৰ্মনৰ সোঁৱৰণত এটি স্মৃতিস্তম্ভ নিৰ্মাণ কৰাৰ আহ্বান জনায় সমুজ্জল কুমাৰ ভট্টাচাৰ্য্যই ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা