মাৰ্ঘেৰিটাৰ বৰগোলাইত চাঞ্চল্যকৰ ডকাইতিকাণ্ড সংঘটিত
তিনিচুকীয়া, ১৭ জুন (হি.স.)। মাৰ্ঘেৰিটাৰ বৰগোলাইত এক চাঞ্চল্যকৰ ডকাইতিকাণ্ড। বৰগোলাইস্থিত ''ইনচুৰেণ্চ এণ্ড চাৰ্ভিছ পইণ্ট'' নামৰ এটা প্ৰতিষ্ঠানৰ পৰা নগদ প্ৰায় ৫০ হাজাৰ টকা আৰু এটা মূল্যবান লেপটপ লুটি লৈ উধাও হ’ল দুৰ্বৃত্ত। মঙলবাৰে নিশা সংঘটিত এ
মাৰ্ঘেৰিটাৰ বৰগোলাইত চাঞ্চল্যকৰ ডকাইতিকাণ্ড সংঘটিত


তিনিচুকীয়া, ১৭ জুন (হি.স.)। মাৰ্ঘেৰিটাৰ বৰগোলাইত এক চাঞ্চল্যকৰ ডকাইতিকাণ্ড।

বৰগোলাইস্থিত 'ইনচুৰেণ্চ এণ্ড চাৰ্ভিছ পইণ্ট' নামৰ এটা প্ৰতিষ্ঠানৰ পৰা নগদ প্ৰায় ৫০ হাজাৰ টকা আৰু এটা মূল্যবান লেপটপ লুটি লৈ উধাও হ’ল দুৰ্বৃত্ত।

মঙলবাৰে নিশা সংঘটিত এই সমগ্ৰ ঘটনা বৰ্তমান আৱদ্ধ হৈছে প্ৰতিষ্ঠানটোৰ চিচিটিভি কেমেৰাত।

দুৰ্বৃত্তটোৱে প্ৰতিষ্ঠানটোৰ চাটাৰ খুলি ভিতৰত প্ৰৱেশ কৰি প্ৰথমে ওচৰত হোটেল আছে নেকি সোধে আৰু গৰাকীৰ ওচৰত পানী খাবলৈ বিচাৰে।

গৰাকীজনে পানী আনিবলৈ যোৱাৰ সুযোগতে দুৰ্বৃত্তটোৱে কেচ বক্সৰ পৰা নগদ ৫০ হাজাৰ টকা উলিয়াই লয়।

কেৱল ইমানেই নহয়, বাধা দিবলৈ চেষ্টা কৰা গৰাকীজনক এখন কিৰ্পানেৰে (চুৰি) আক্ৰমণ কৰি এটা লেপটপসহ ডকাইতটো তাৰ পৰা পলায়ন কৰে।

পৰৱৰ্তী সময়ত প্ৰতিষ্ঠানৰ গৰাকীয়ে স্থানীয় ৰাইজক অৱগত কৰাত দুৰ্বৃত্তটোক অনুসৰণ কৰে যদিও নৈশ অন্ধকাৰৰ সুযোগ লৈ সি পলাই যাবলৈ সক্ষম হয়।

ডকাইতটোৰ বেশভূষা চাই সি এজন পাঞ্জাৱী লোক বুলি সন্দেহ কৰা হৈছে।

ইতিপৰ্ব্বে মাৰ্ঘেৰিটা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এজাহাৰ গ্ৰহণ কৰি চিচিটিভি ফুটেজৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande