
দৰং, ১৭ জুন (হি.স.)। পুত্ৰ এৰি পলায়ন পিতৃ মাতৃৰ।
মঙলদৈত হৃদয় বিদাৰক ঘটনা।
মঙলদৈৰ আদালত চৌহদতে এৰি থৈ গল শাৰীৰিক ভাবে দুৰ্বল এটি কণমানিক।
শিশুটি দেখি মহিলা অধিবক্তাই কোলাত তুলি লৈ দীৰ্ঘ সময় কৰিলে প্ৰতিপালন, কিন্তু অচিনাকি অধিবক্তাৰ কোলাত শিশু টিয়ে কান্দোনত ভাগি পৰিল।
পিতৃ মাতৃৰ বিবাহ বিচ্ছেদৰ ফল ভুগিছে কণমানি সন্তানটিয়ে।
পিতৃয়ে পুত্ৰক স্বীকাৰ নকৰে, মাতৃয়েও দিব নোৱাৰে ভৰণ-পোষণ।
সেয়ে মাতৃ খাৰুপেটীয়াৰ তচিৰণ খাতুনে আদালত চৌহদতে পিতৃৰ হাতত যোৰ কৰি এৰি গল সন্তানটিক।
হাহাকাৰ পৰিস্থিতি সৃষ্টি হোৱাৰ পিছত আৰক্ষীয়ে মাতৃক মতাই আনি থানালৈ লৈ যায়।
উল্লেখযোগ্য যে খাৰুপেটীয়াৰ পুনিয়াৰ চাইফুল ইছলাম আৰু তচিৰণ খাতুন ৰ বিবাহ সূত্ৰে জন্ম হৈছিল এটি পুত্ৰ সন্তান।
শাৰীৰিক ভাবে কিছু দুৰ্বল আছিল সন্তানটি।
সন্তান জন্ম হোৱাৰ পিছতে চাইফুল ইছলামে বিবাহ বিচ্ছেদৰ বাবে আদালতৰ কাষ চাপিছিল।
সন্তানটি মাতৃৰ সৈতে থাকিল কিন্তু কোনোদিনে স্বামী চাইফুলে পত্নীক খোৰাকীৰ নামত একো নিদিলে।
সেয়েহে ভৰণ পোষণ দিব নোৱাৰি উপায়ন্তৰ হৈ আদালতৰ চৌহদতে পিতৃক পাই এৰি গৈছিল সন্তানটি।
উল্লেখযোগ্য যে চাইফুল ইছলামৰ পূৰ্বৰ পত্নীক এৰি দ্বিতীয় বিবাহ কৰাইছিল তচিৰন খাতুনক।
এতিয়া মঙলদৈ আৰক্ষীয়ে কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হব।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা