
ইম্ফল, ১৭ জুন (হি.স.)। মণিপুৰৰ নিৰাপত্তা বাহিনী আৰু আৰক্ষীয়ে বিগত ২৪ ঘন্টাত বিভিন্ন স্থানত চলোৱা অভিযানত এজন সন্দেহযুক্ত উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰাৰ উপৰি ১৪টা বাংকাৰ ধ্বংস কৰিছে। ইয়াৰ উপৰি দুই কিলোগ্ৰাম সন্দেহযুক্ত মৰ্ফিনসহ দুগৰাকী মহিলাক আটক কৰে ।
ইম্ফল পূৱ জিলাৰ খুৰাই পুঠিবা লাইকাই নিবাসী যুমনাম সৈত্যজিৎ মংগাং (৩৬) নামৰ এজন যুৱকক নিৰাপত্তাৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। তেওঁৰ হাতৰ পৰা উদ্ধাৰ হৈছে এটা .২২ কেলিবাৰ ৰিভলভাৰ আৰু ৯টা সজীৱ .২২ কেলিবাৰ গুলী।
আন এক অভিযানত নিৰাপত্তা বাহিনীয়ে মগকোট চেপু-পাটলিজাং পাহাৰীয়া অঞ্চলৰ ৫টা বাংকাৰ আৰু লুংফু জংচন-ইণ্ডাষ্ট্ৰিয়েল এষ্টেট চেণ্টাৰ পাহাৰীয়া অঞ্চলৰ ৯টা বাংকাৰ ধ্বংস কৰে । ইয়াৰে এটা স্থানৰ পৰা ৫.৫৬ মিমিৰ দুটা খালী কাৰ্টিজো উদ্ধাৰ কৰা হৈছে।
ইফালে ইম্ফল পশ্চিম জিলাৰ বিভিন্ন স্থানৰ পৰা নিষিদ্ধ আৰ পি এফ/পি এল এৰ দুজন সক্ৰিয় কেডাৰক গ্ৰেপ্তাৰ কৰা হয়। ধৃত উগ্ৰপন্থী দুজনৰ নাম মুটুম মোহেন সিং (২৯) আৰু ছানায়াইমা লেইচোম্বম ওৰফে কুইণ্টন ওৰফে লেইৰেংজাও ওৰফে লেইৰেংবি (৫০)।
আন এক নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযানত মণিপুৰ আৰক্ষীয়ে চুৰাচান্দপুৰ জিলাত দুগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ হাতত থকা প্ৰায় দুই কিলোগ্ৰাম সন্দেহযুক্ত মৰ্ফিন উদ্ধাৰ কৰে । ধৃত মহিলা দুগৰাকী তেহ খোনোমফাই গাঁৱৰ বাসিন্দা হোৱাইনেইলহিং (৩২) আৰু চিন্নেইভা (২৫) বুলি চিনাক্ত কৰা হৈছে।
সকলো গোচৰতে অধিক তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ।
--------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ