
নগাঁও, ১৭ জুন (হি.স.)। বান্দৰৰ আক্ৰমণত আহত শিক্ষাৰ্থী।কলিয়াবৰৰ জখলাবন্ধাত বান্দৰৰ আতংক। পাঠদান চলি থকাৰ মাজতে বান্দৰৰ আক্ৰমণত আহত ছাত্ৰী।
জখলাবন্ধাৰ গৰুবন্ধা প্ৰাথমিক বিদ্যালয়ত এই ঘটনা। বিদ্যালয় চলি থকা সময়তে এটা উন্মত্ত বান্দৰে প্ৰৱেশ কৰি আক্ৰমণ কৰে ছাত্ৰীগৰাকীক।বান্দৰৰ আক্ৰমণত আহত হয় প্ৰথম শ্ৰেণীৰ আয়েছা খাতুন নামৰ ছাত্ৰীগৰাকী।
আহত ছাত্ৰীগৰাকীক জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।বিদ্যালয়খনত বান্দৰৰ ধাৰাবাহিক আক্ৰমণৰ ঘটনাত আতংকিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰীসকল।উল্লেখ্য যে, একেখন বিদ্যালয়তে যোৱা ২ জুনতো বান্দৰৰ আক্ৰমণত আহত হৈছিল ৫জনকৈ ছাত্ৰ-ছাত্ৰী।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ