
বৰপেটা, ১৭ জুন (হি.স.)। ১১ দিনে সন্ধানহীন বৰপেটাৰ মাজদিয়া গাঁৱৰ মুকুট আলি। ২ জুনত গোলাঘাটলৈ কাম কৰিবলৈ গৈছিল মুকুট। তাৰ পিছত ৬ জুনৰ পৰা কোনো ধৰণৰ শুংসুত্ৰ পোৱা নাই পৰিয়ালৰ লোকে। গাৰ বৰণ ক'লা, পিন্ধনত লং পেন্ট চাৰ্ট পৰিহিত মুকুটৰ বয়স প্ৰায় ৪৭ বছৰ।
গোলাঘাটলৈ ভেল্লাৰ ঠিকাদাৰ বুবুল আলীৰ আলীৰ সৈতে কামলৈ গৈছিল মুকুট। ঠিকাদাৰৰ সৈতে পৰিয়ালৰ লোকে যোগাযোগ কৰিও কোনো ধৰণৰ খবৰ লাভ কৰা নাই। পৰিয়ালৰ লোকে গোলাঘাট জিলাৰ নুমলীগড় আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। কোনোবা সদাশয় লোকে মুকুট আলীৰ সন্ধান পালে 70864 84219 ফোন নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ