

তামুলপুৰ, ১৭ জুন (হি.স.)। জনসাধাৰণক চৰকাৰী বিভিন্ন আঁচনিৰ সুবিধা সহজভাৱে উপলব্ধ কৰোৱা, আঁচনিসমূহৰ বিষয়ে ৰাইজক সজাগ কৰোৱা, জনসাধাৰণৰ অভিযোগৰ সমাধান আৰু বিভিন্ন জনকল্যাণমূলক সেৱা তৃণমূল পৰ্যায়ত প্ৰদান কৰাৰ উদ্দেশ্যে তামুলপুৰ জিলাৰ তিনিওটা উন্নয়ন খণ্ডত পৃথক পৃথককৈ আজিৰ পৰা আৰম্ভ হৈছে তিনিদিনীয়া ‘জনকল্যাণ শিবিৰ, ২০২৬’।
তামুলপুৰ ছাব-ডিভিজ'নেল চেণ্টাৰ প্ৰাংগণত জিলা আয়ুক্ত চিমি কৰণৰ উপস্থিতিত তামুলপুৰ উন্নয়ন খণ্ডৰ দ্বাৰা আয়োজিত এই শিবিৰৰ আজি আনুষ্ঠানিকভাৱে ফিতা কাটি শুভাৰম্ভ কৰে বিটিচিৰ উপাধ্যক্ষ বিজিতগৌৰা নাৰ্জাৰীয়ে। আজিৰ পৰা ১৯ জুনলৈকে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই বিশেষ শিবিৰ অনুষ্ঠিত কৰা হৈছে, য’ত দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুদীৰ্ঘ ১২ বছৰীয়া কাৰ্যকালত জনসাধাৰণৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা বিভিন্ন জনকল্যাণমূলক আঁচনিৰ খতিয়ান ৰাইজৰ মাজত উপস্থাপন কৰা হয়। বিটিচিৰ উপাধ্যক্ষগৰাকীয়ে নিজৰ ভাষণত ২০১৪ চনৰ পাছত ভাৰত তথা অসমৰ উন্নয়নৰ ধাৰা সম্পূৰ্ণ সলনি হৈছে।― বুলি উল্লেখ কৰি পুনৰ কয়, তামুলপুৰৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু স্থানীয় মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত বহু উন্নয়নমূলক কাম তামুলপুৰত হ'ব। তামুলপুৰৰ পূৰ্বৰ অনগ্ৰসৰ দিনৰ কথা সুঁৱৰি তেওঁ আকৌ কয়, বৰ্তমান তামুলপুৰত আগৰ পৰিৱেশ নাই। আমি ভাল দিনলৈ অপেক্ষা কৰি আছিলো; আজি সেই দিন আহি পাইছে।
জিলা আয়ুক্ত চিমি কৰণে নিজৰ ভাষণ প্ৰসংগত ১২ বছৰৰ ভিতৰত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত তথা অসমত বহু উন্নয়নমূলক কাম হৈছে।― বুলি উল্লেখ কৰি পুনৰ কয়, আঁচনিসমূহ উপভোগ কৰি আমি ভাৰত তথা অসমক আৰু আগবঢ়াই লৈ যাব লাগিব। তেওঁ বিশেষকৈ ভাৰত চৰকাৰে গ্ৰহণ কৰা বিকশিত ভাৰত সেৱা, স্বাস্থ্য সেৱা, পি এম উজ্জ্বলা যোজনা, বিকশিত ভাৰত সংকল্প, পি এম কিষাণ, পি এম সূৰ্য যোজনা, পি এম এ ৱাই-জি আৰু হস্ততাঁত বস্ত্ৰশিল্পকে ধৰি অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম, নিযুত মইনা আদি কেবাটাও গুৰুত্বপূৰ্ণ আঁচনিৰ জনকল্যাণমূলক দিশ সম্পৰ্কে ৰাইজক অৱগত কৰে। তামুলপুৰ উন্নয়ন খণ্ডৰ উদ্যোগত অনুষ্ঠিত এই শিবিৰত বিভিন্ন বিভাগে শিবিৰস্থলীত প্ৰদৰ্শনীমূলক ষ্টল স্থাপন কৰি জনসাধাৰণক চৰকাৰী আঁচনি, সেৱা আৰু সুবিধাসমূহৰ বিষয়ে অৱগত কৰে।
অনুষ্ঠানত বিটিচিৰ উপাধ্যক্ষ বিজিতগৌৰা নাৰ্জাৰী আৰু জিলা আয়ুক্ত চিমি কৰণৰ উপৰি জিলা বিজেপিৰ সভাপতি ৰাজেশ বড়ো, দৰঙাজুলি টিচিএলচিচিৰ অধ্যক্ষ গেৰেমছা বৰগয়াৰী, জনকল্যাণ শিবিৰৰ আয়োজক ৰংজা খুংগুৰ বসুমতাৰী, তামুলপুৰ জিলা এছ টি মৰ্ছাৰ সভাপতি মৃদুল কুমাৰ ব্ৰহ্ম, জ্যেষ্ঠ বিজেপি নেতা সোমনাথ বসুমতাৰী, তামুলপুৰৰ খণ্ড উন্নয়ন বিষয়া দেৱকুমাৰ বসুমতাৰী, জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক গোবিন্দ ৰাভা, সহকাৰী খণ্ড উন্নয়ন বিষয়া প্ৰণৱজ্যোতি ব্ৰহ্ম, আত্মসহায়ক গোটসমূহৰ সদস্য, খেতিয়ক, স্থানীয় ৰাইজ, বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী, ৰাজনৈতিক নেতা আদি উপস্থিত থাকে বুলি মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই সংবাদ মাধ্যমক জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ