ইণ্ডিয়া এ দলৰ আফগানিস্তান এক ১০১ ৰাণত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত
নতুন দিল্লী, ১৭ জুন (হি.স.)। লীগৰ অন্তিমখন খেলত আফগানিস্তান এক ১০১ ৰাণত পৰাস্ত কৰি শৈলীৰে ট্ৰাই ছিৰিজৰ ফাইনেলত প্ৰৱেশ কৰে ইণ্ডিয়া এ। বেটছমেন আৰু বলাৰ উভয়ৰে উৎকৃষ্ট প্ৰদৰ্শনৰ বাবেই ভাৰতীয় দলটোৱে একপক্ষীয় জয় পঞ্জীয়ন কৰি খিতাপ মেচত স্থান নিশ্চিত
भारत ए ने अफगानिस्तान ए को 101 रन से रौंदा


নতুন দিল্লী, ১৭ জুন (হি.স.)। লীগৰ অন্তিমখন খেলত আফগানিস্তান এক ১০১ ৰাণত পৰাস্ত কৰি শৈলীৰে ট্ৰাই ছিৰিজৰ ফাইনেলত প্ৰৱেশ কৰে ইণ্ডিয়া এ। বেটছমেন আৰু বলাৰ উভয়ৰে উৎকৃষ্ট প্ৰদৰ্শনৰ বাবেই ভাৰতীয় দলটোৱে একপক্ষীয় জয় পঞ্জীয়ন কৰি খিতাপ মেচত স্থান নিশ্চিত কৰে।

প্ৰথমে বেটিং কৰি ইণ্ডিয়া এয়ে নিৰ্ধাৰিত ৫০ অভাৰত ৯ উইকেটত ৩১৯ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ প্ৰিয়ংশ আৰ্য্য, অধিনায়ক তিলক ভাৰ্মা, আৰু কুমাৰ কুশগ্ৰাই উজ্জ্বল অৰ্ধশতক অৰ্জন কৰে।

অ’পেনাৰ প্ৰিয়ংশ আৰ্য্যই আগ্ৰাসী বেটিং কৰি ৪২টা বলত ৫৮ ৰান সংগ্ৰহ কৰে। তেওঁ নিজৰ ইনিংছত আঠটা চাৰি আৰু এটা ছয় কৰে। তেওঁৰ লগতে বৈভৱ সূৰ্যবংশীয়ে ৩৮ ৰানৰ বৰঙণি দি দলটোক ক্ষীপ্ৰ আৰম্ভণি দিয়ে। প্ৰথম উইকেটৰ বাবে ৭৫ ৰান সংযোজন কৰি এই যুটিয়ে সুদৃঢ় ভেটি স্থাপন কৰে।

মধ্য ক্ৰমত দায়িত্ব ল’লে অধিনায়ক তিলক ভাৰ্মা আৰু কুমাৰ কুশগ্ৰাই। চতুৰ্থ উইকেটৰ বাবে ১০৪ ৰানৰ গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব গঢ়ি তোলা বেটছমেন দুগৰাকীয়ে দলটোক ডাঙৰ মুঠ লাভৰ দিশত আগুৱাই লৈ যায়। তিলক ৭৫ বলত ৫৯ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে কুশাগ্ৰাই ৬৭ বলত ৫৮ ৰানৰ উপযোগী ইনিংছ খেলিছিল। অৱশেষত বিপ্ৰজ নিগমে ২০টা বলত ৩০ ৰান সংগ্ৰহ কৰি দলটোক ৩০০ ৰান অতিক্ৰম কৰে।

৩২০ৰ লক্ষ্যৰ পিছত খেদি আফগানিস্তান এয়ে ইতিবাচক আৰম্ভণি কৰিছিল যদিও উল্লেখযোগ্য অংশীদাৰিত্ব গঢ়ি তুলিব নোৱাৰিলে। অধিনায়ক ইমৰাণ মিৰে ৩২ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ফৈছাল শ্বিনোজাদা আৰু বাহিৰ শ্বাহে দলটোক স্থিৰ কৰিবলৈ চেষ্টা কৰে। তেওঁলোকৰ ৮৭ ৰানৰ অংশীদাৰিত্বই কিছু সময়ৰ বাবে খেলখন ৰোমাঞ্চকৰ কৰি ৰাখিছিল।

অৱশ্যে নিয়মীয়া ব্যৱধানত ভাৰতীয় বলাৰসকলে উইকেট দখল কৰাৰ ফলত আফগানিস্তানে প্ৰত্যাৱৰ্তন কৰিব পৰা নাছিল। বাহিৰ শ্বাহে ৫৭ ৰানেৰে সৰ্বাধিক স্ক’ৰ কৰিছিল যদিও তেওঁৰ আউটৰ ফলত আফগানিস্তানৰ আশাৰ অন্ত পৰে।

ভাৰতৰ হৈ নিশান্ত সিন্ধুৱে উজ্জ্বল বলিং কৰি ৩১ ৰানত ৪ উইকেট দখল কৰি বিপক্ষৰ বেটিং অৰ্ডাৰ ভাঙি পেলায়। যশ ঠাকুৰে দুটা উইকেট দখল কৰে।

আফগানিস্তান এ ৩৬.৫ অভাৰত ২১৮ ৰান কৰি আউট হৈ ইণ্ডিয়া এ ১০১ ৰানৰ ব্যাপক জয় লাভ কৰে। এই জয়েৰে ভাৰতীয় দলটোৱে ফাইনেলত নিজৰ স্থান নিশ্চিত কৰাৰ বিপৰীতে আফগানিস্তান এৰ ফাইনেললৈ যোৱাৰ পথ এতিয়া অত্যন্ত কঠিন হৈ পৰিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande