জনীয়াত ১৬ কোটি টকা ব্যয় সাপেক্ষে মথাউৰি পুনৰ নিৰ্মাণৰ কাম আধাৰুৱা কৰি ঠিকাদাৰ উধাও
জনীয়াত ১৬ কোটি টকা ব্যয় সাপেক্ষে মথাউৰি পুনৰ নিৰ্মাণৰ কাম আধাৰুৱা কৰি ঠিকাদাৰ উধাও।
জনীয়াত ১৬ কোটি টকা ব্যয় সাপেক্ষে মথাউৰি পুনৰ নিৰ্মাণৰ কাম আধাৰুৱা কৰি ঠিকাদাৰ উধাও


বৰপেটা, ১৭ জুন (হি.স.): বৰপেটা জিলাৰ জনীয়াত ১৬ কোটি টকা ব্যয় সাপেক্ষে মথাউৰি পুনৰ নিৰ্মাণৰ কাম আধাৰুৱা কৰি ঠিকাদাৰ উধাও হোৱাৰ চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে । ৫ বছৰেও সম্পূৰ্ণ নহ'ল জনীয়াৰ কাদং-ছাপৰা সংযোগী মথাউৰি পুনৰ নিৰ্মাণৰ কাম। ঠিকাদাৰ ৰাজীৱ আহমেদ শইকীয়া আৰু বিভাগীয় কৰ্তৃপক্ষৰ একমাত্ৰ গাফিলতিৰ বাবেই আজিকোপতি মথাউৰি পুনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱাৰ অভিযোগ কৰে ৰাইজে।

উল্লেখ্য যে প্ৰায় ১৬ কোটি ২৮ লাখ টকাৰ মথাউৰি পুনৰ নিৰ্মাণৰ কাম আধাৰুৱা কৰি কলৈ গ'ল ঠিকাদাৰ ৰাজীৱ আহমেদ শইকীয়াই। বাৰিষাকাল চমু চাপি অহাৰ লগে লগে ভয় শংকাত ভুগিছে নৈপৰীয়া ৰাইজ। সেয়ে অতি শীঘ্ৰে উক্ত মথাউৰি পুনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি যাতায়ত সুচল কৰি দিয়াৰ আহ্বান জনায় ৰাইজে । বাৰিষাৰ পূৰ্বে মথাউৰি পুনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ নহ'লে আন্দোলনৰ হুংকাৰ প্ৰদান কৰে কৃষক নেতা জয়নাল আবেদিনে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande