(আপডেট) গুজৰাটৰ বডোদৰাত বাছ-ট্ৰাকৰ সংঘৰ্ষ; ৭ জন নিহত, ২৬ জন আহত
বদোদৰা, ১৭ জুন (হি.স.)। গুজৰাটৰ বদোদৰাৰ কোটাম্বি ষ্টেডিয়ামৰ সমীপত বুধবাৰে পুৱা প্ৰায় ৪ বজাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাজস্থানৰ বনস্বৰাৰ পৰা চুৰাট অভিমুখী এখন বাছ পথৰ দাঁতিত ৰখাই থোৱা এখন ট্ৰাকৰ সৈতে খুন্দা মাৰে। ৭ জন লোক নিহত হোৱাৰ লগতে
हादसे में शिकार लोगो के बचाव में जुटी एनडीआरएफ की टीम


SDRF, NDRF, वडोदरा फायर ब्रिगेड, पुलिस और अन्य बचाव दल


ट्रक से टकराई लग्जरी बस, 6 की मौत


বদোদৰা, ১৭ জুন (হি.স.)। গুজৰাটৰ বদোদৰাৰ কোটাম্বি ষ্টেডিয়ামৰ সমীপত বুধবাৰে পুৱা প্ৰায় ৪ বজাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাজস্থানৰ বনস্বৰাৰ পৰা চুৰাট অভিমুখী এখন বাছ পথৰ দাঁতিত ৰখাই থোৱা এখন ট্ৰাকৰ সৈতে খুন্দা মাৰে। ৭ জন লোক নিহত হোৱাৰ লগতে ২৬ জন যাত্ৰী আহত হয়। আহত আটাইকেইজনকে বদোদৰাৰ এছ এছ জি হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

দুৰ্ঘটনাটোৰ পিছতে বাছখনত আবদ্ধ হৈ পৰে বহু যাত্ৰী। এই তথ্য লাভ কৰাৰ লগে লগে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছডিআৰএফ), ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এনডিআৰএফ), বডোদৰা অগ্নিনিৰ্বাপক বাহিনী, আৰক্ষী, আৰু অন্যান্য উদ্ধাৰকাৰী দলে ঘটনাস্থলীত উপস্থিত হৈ যুদ্ধৰ ভিত্তিত উদ্ধাৰ আৰু সাহায্য অভিযান আৰম্ভ কৰে।

এন ডি আৰ এফৰ ৬ নং বেটেলিয়নৰ কমাণ্ডেণ্ট সুৰেন্দ্ৰ সিঙে জনোৱা মতে, পুৱা ৪:৪০ বজাত নিয়ন্ত্ৰণ কক্ষই বাছ আৰু ট্ৰাকৰ সংঘৰ্ষৰ তথ্য লাভ কৰে। ইয়াৰ পিছতে এন ডি আৰ এফৰ দলটোৱে লগে লগে সেই স্থানলৈ ৰাওনা হয়। ঘটনাস্থলীত উপস্থিত হোৱাৰ লগে লগে কাটাৰ মেচিন আৰু অন্যান্য অত্যাধুনিক সঁজুলি ব্যৱহাৰ কৰি উদ্ধাৰ অভিযান আৰম্ভ কৰা হয় আৰু বাছখনত আবদ্ধ হৈ থকা যাত্ৰীসকলক উদ্ধাৰ কৰা হয়।

বদোদৰাৰ উপ-মেয়ৰ আদিত্য পেটেলে কয় যে পুৱা প্ৰায় ৪ বজাত এই দুৰ্ঘটনা সংঘটিত হয় আৰু তথ্য লাভ কৰাৰ লগে লগে উদ্ধাৰকাৰী দল আৰু চিকিৎসকৰ এটা দল সেই স্থানত উপস্থিত হয়। সামান্য আঘাতপ্ৰাপ্তসকলক ঘটনাস্থলীতে প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ বিপৰীতে গুৰুতৰভাৱে আহতসকলক এছ এছ জি হাস্পতাললৈ লৈ যোৱা হয়।

তেওঁ কয় যে প্ৰায় ২৬ জন গুৰুতৰভাৱে আহত ব্যক্তিৰ চিকিৎসা অব্যাহত আছে। এজন ৰোগীৰ অৱস্থা সংকটজনক আৰু তেওঁক আই চি ইউলৈ বদলি কৰা হৈছে।

দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা যাত্ৰীসকলৰ ভিতৰত আছে বিনোদ নৰেশ ডামোৰ (৩০), মুকেশ জিৱাজী দন্দোৰ (৩৪), প্ৰীত হিতেশ ভাটিয়া (৯), মহেন্দ্ৰকুমাৰ ভোগীলাল পাণ্ডিয়া (৬৮), পিংকি ভাটিয়া (৩৬), আৰু হাৰ্জিংভাই ভালজীভাই কটাৰা (৩০)। আনহাতে নিহত এজনৰ চিনাক্তকৰণ হোৱা নাই ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande