
দাৰ্জিলিং, ১৭ জুন (হি.স.)। পশ্চিমবংগৰ পাহাৰীয়া ৰাজনীতিত এক বৃহৎ পৰিৱৰ্তন ঘটিছে। মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে গোৰ্খালেণ্ড স্থানীয় প্ৰশাসন (টেৰিটৰিয়েল এডমিনিষ্ট্ৰেচন) চমুকৈ জিটিএৰ ভিতৰত সংঘটিত হোৱা দুৰ্নীতিৰ অভিযোগৰ ফাইল খুলিব বুলি ভাবুকি দিয়াৰ মাত্ৰ ২৪ ঘণ্টাৰ পিছতে জিটিএৰ অধ্যক্ষ অনিত থাপাই পদৰ পৰা পদত্যাগ কৰিছে। তদুপৰি তেওঁ জিটিএৰ কাউন্সিলাৰ হিচাপেও পদত্যাগ কৰিছে।
এই সমগ্ৰ ঘটনাই ৰাজনৈতিক মহলত আলোড়নৰ সৃষ্টি কৰিছে।
বুধবাৰে ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে পদত্যাগ ঘোষণা কৰি অনিত থাপাই অভিযোগ কৰা দুৰ্নীতিৰ তদন্তৰ দাবীক সমৰ্থন কৰে। তেওঁ লিখিছে যে ৰাজ্যত পৰিৱৰ্তন ঘটিছে আৰু জনসাধাৰণে এই চৰকাৰখনক মানি লৈছে। জিটিএক লৈ জনসাধাৰণৰ অসন্তুষ্টি আৰু সকলোৱে তদন্ত বিচাৰে আৰু তেওঁ নিজেও তদন্তৰ পক্ষত।
লগতে তেওঁ কয় যে জিটিএয়ে বিশেষ ধন লাভ কৰা নাছিল যদিও ইয়াৰ পিছতো ৰাইজৰ মাজত অসন্তুষ্টি বাঢ়িছে। এই কাৰণতে তেওঁ অধ্যক্ষ আৰু কাউন্সিলাৰ দুয়োটা পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত লয়।
ইফালে ৰাজ্যৰ ক্ষমতা সলনি হোৱাৰ পাছত পাহাৰীয়া ৰাজনীতিতো অস্থিৰতা বৃদ্ধি পালে। পূৰ্বৰ তৃণমূল চৰকাৰৰ দিনত জিটিএত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছিল।
মঙলবাৰে কুৰ্চেয়ঙত অনুষ্ঠিত জনকল্যাণ শিবিৰত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে কয় যে পূৰ্বৰ চৰকাৰৰ দিনত বিশেষকৈ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত হৈছিল। তেওঁ স্পষ্ট কৰি দিয়ে যে এনে পুনৰ নহ’ব আৰু তেওঁৰ চৰকাৰখনে “মই নাখাওঁ আৰু আনকো খাবলৈ নিদিওঁ” নীতিৰ অধীনত কাম কৰিব।
উল্লেখযোগ্য যে জিটিএৰ জৰিয়তে শিক্ষক নিযুক্তিৰ অভিযোগত সংঘটিত হোৱা দুৰ্নীতি সন্দৰ্ভত ইতিমধ্যে চিবিআইৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। এই ঘটনাৰ ২৪ ঘন্টাৰ ভিতৰত অনিত থাপাৰ পদত্যাগে বহু প্ৰশ্নৰ উত্থাপন কৰিছে।
এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল জিটিএৰ দায়িত্ব কোনে ল’ব। বিমল গুৰুং ঘূৰি আহিবনে? এই সন্দৰ্ভত ৰাজনৈতিক আলোচনা তীব্ৰতৰ হৈ পৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া