
গুৱাহাটী, ১৭ জুন (হি.স.)। অসমৰ স্বাস্থ্যসেৱাৰ মূল ভেঁটি তথা উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম বৃহৎ চিকিৎসা প্ৰতিষ্ঠান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত আজি এক বিস্তৃত পৰিদৰ্শন আৰু পৰ্যালোচনা কাৰ্যসূচী অনুষ্ঠিত হয়। ‘স্বাস্থ্যৱান অসম’ গঢ়ি তোলাৰ লক্ষ্যৰে আয়োজিত এই পৰিদৰ্শনৰ সময়ত চিকিৎসালয়খনৰ বিভিন্ন বিভাগ, ৰোগীসেৱা ব্যৱস্থা, আন্তঃগাঁথনি উন্নয়ন আৰু চিকিৎসা সুবিধাৰ সামগ্ৰিক অৱস্থাৰ বিষয়ে বুজ লয় স্বাস্হ্য মন্ত্ৰী অশোক সিংহলে।
পৰিদৰ্শনকালত মন্ত্ৰী মহোদয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ বহিঃ বিভাগ, ছুপাৰ স্পেচিয়েলিটি চিকিৎসালয়, মাতৃ আৰু শিশু চিকিৎসালয়কে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ স্বাস্থ্যসেৱা কেন্দ্ৰ পৰিদৰ্শন কৰে। লগতে চিকিৎসালয়ত স্থাপন কৰা অত্যাধুনিক চি টি জি মেচিনৰ কাৰ্যপদ্ধতি আৰু ইয়াৰ জৰিয়তে গৰ্ভৱতী মাতৃ আৰু গৰ্ভস্থ শিশুৰ স্বাস্থ্য নিৰীক্ষণ ব্যৱস্থাৰ বিষয়েও বুজ লয়।পৰিদৰ্শনৰ সময়ত চিকিৎসাধীন ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ সৈতেও মত বিনিময় কৰে। তেওঁলোকৰ পৰা চিকিৎসা সেৱা, উপলব্ধ সুবিধা আৰু চিকিৎসালয়ৰ সামগ্ৰিক পৰিবেশ সম্পৰ্কে মতামত গ্ৰহণ কৰে
ইয়াৰোপৰি চিকিৎসালয়খনৰ বিভিন্ন বিভাগৰ মুৰব্বী অধ্যাপক, জ্যেষ্ঠ চিকিৎসক আৰু প্ৰশাসনিক বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিভিন্ন বিভাগত আগবঢ়োৱা চিকিৎসা সেৱা, ৰোগীৰ সংখ্যা, উপলব্ধ চিকিৎসা সুবিধা, চিকিৎসা শিক্ষাৰ মানদণ্ড আৰু আন্তঃগাঁথনি উন্নয়নৰ বিভিন্ন বিষয়ত বিস্তৃত আলোচনা কৰা হয়। চিকিৎসা সেৱা অধিক দক্ষ, মানসম্পন্ন কৰি তোলাৰ বাবে বিভিন্ন পৰামৰ্শও আগবঢ়োৱা হয়।
এই উপলক্ষে মন্ত্ৰী মহোদয়ে চিকিৎসক সকলক জনসাধাৰণৰ সেৱাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনায়। তেওঁ কয় যে চিকিৎসা পেছা কেৱল এটা কৰ্মক্ষেত্ৰ নহয়, ই এক মহান মানৱসেৱাৰ মাধ্যম। সেয়ে প্ৰতিগৰাকী স্বাস্থ্যকৰ্মীয়ে দায়িত্ববোধ, সহানুভূতি আৰু সেৱাৰ মানসিকতাৰে কাম কৰিলে ৰোগীয়ে অধিক উপকৃত হ’ব আৰু স্বাস্থ্য ব্যৱস্থাৰ ওপৰত জনসাধাৰণৰ আস্থা অধিক সুদৃঢ় হ’ব।তেওঁ লগতে উল্লেখ কৰে যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় কেৱল অসমৰ নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ লাখ লাখ জনসাধাৰণৰ ভৰসাস্থল। সেয়ে এই প্ৰতিষ্ঠানখনত উপলব্ধ স্বাস্থ্যসেৱাৰ মান আৰু দক্ষতা অধিক বৃদ্ধি কৰাৰ বাবে চৰকাৰে সকলো ধৰণৰ সহযোগিতা আগবঢ়াই যাব। আধুনিক সা-সুবিধা, উন্নত আন্তঃগাঁথনি আৰু জনমুখী সেৱাৰ জৰিয়তে স্বাস্থ্যখণ্ডত নতুন দিগন্ত সূচনা কৰাৰ লক্ষ্যৰে চৰকাৰ আগবাঢ়ি আছে বুলি মন্তব্য কৰে।
উল্লেখ যে,আজিৰ এই পৰিদৰ্শন আৰু পৰ্যালোচনা কাৰ্যসূচীত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব ডাঃ পি. অশোক বাবু, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব ডাঃ সিদ্ধাৰ্থ সিং, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধক্ষ্য তথা মুখ্য অধীক্ষক ডাঃ অচ্যুৎ কুমাৰ বৈশ্য, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ মনোজ কুমাৰ চৌধুৰী, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধীক্ষক ডাঃ দেৱজিৎ চৌধুৰী আৰু চিকিৎসালয়খনৰ বিভিন্ন বিভাগৰ মুৰব্বী অধ্যাপক-অধ্যাপিকাসকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী