জি আই টেগ লাভ কৰাৰ পাছতে উৎফুল্লিত পেঁপা নিৰ্মাণ কৰা শিল্পীসকল
গোলাঘাট, ১৭ জুন (হি.স.)। জি আই টেগ লাভ কৰাৰ পাছতে উৎফুল্লিত পেঁপা নিৰ্মাণ কৰা শিল্পীসকল। বিগত দুটা দিনৰ আগত অসমৰ কেইবাবিধো সামগ্ৰীয়ে লাভ কৰিলে জি আই টেগ ।তাৰ সমান্তৰালকৈ অসমৰ বিহু পেপাইও লাভ কৰিলে এই ঐতিহাসিক স্বীকৃতি।অসমৰ বহু পৌৰাণিক লোক বাদ্য
জি আই টেগ লাভ কৰাৰ পাছতে উৎফুল্লিত পেঁপা নিৰ্মাণ কৰা শিল্পীসকল


গোলাঘাট, ১৭ জুন (হি.স.)। জি আই টেগ লাভ কৰাৰ পাছতে উৎফুল্লিত পেঁপা নিৰ্মাণ কৰা শিল্পীসকল।

বিগত দুটা দিনৰ আগত অসমৰ কেইবাবিধো সামগ্ৰীয়ে লাভ কৰিলে জি আই টেগ ।তাৰ সমান্তৰালকৈ অসমৰ বিহু পেপাইও লাভ কৰিলে এই ঐতিহাসিক স্বীকৃতি।অসমৰ বহু পৌৰাণিক লোক বাদ্য হিচাপে পৰিচিত এই পেঁপাই স্বীকৃতি লাভ কৰাৰ লগে লগে যেন উৎফুল্লিত হৈ পৰিছে এই পেঁপা নিৰ্মাণৰ লগত জড়িত থকা লোক শিল্পী মেহুৰাম বৰা। ইয়াৰ লগতে সমানেই সুখ অনুভৱ কৰিছে পেঁপা বজোৱা শিল্পী সকল।

অসমৰ এই লোকবাদ্যই বিশেষ স্বীকৃতি লাভ কৰাৰ লগে লগে অতি উৎফুল্লিত হৈ পৰিছে কমাৰবন্ধাৰ এই পেঁপা নিৰ্মাণৰ লগত জড়িত এজন থলুৱা লোক শিল্পী। সুদীৰ্ঘ কেইবা বছৰ এই শিল্প লগত জড়িত হৈ তেওঁ স্বাৱলম্বী হ'বলৈ সক্ষম হোৱা ব্যক্তি জনৰ পেঁপা অসমৰ বিভিন্ন ঠাইত পৰিচিত।মুঠৰ ওপৰত ক'বলৈ গ'লে অসমৰ এই লোক বাদ্য তথা বিহু পেঁপাৰ এই ঐতিহাসিক স্বীকৃতিয়ে অসমৰ প্ৰতিজন শিল্পী আৰু নিৰ্মাতাৰ মুখত এক আনন্দৰ মুহূৰ্ত তুলি ধৰা পৰিলক্ষিত হৈছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande