তিনিচুকীয়াৰ ৰাজপথত দুটাকৈ ফৈদৰ মাজত তুমুল মাৰপিটৰ ঘটনা সংঘটিত
তিনিচুকীয়া, ১৭ জুন (হি.স.)। তিনিচুকীয়াৰ ৰাজপথত দুটাকৈ ফৈদৰ মাজত তুমুল মাৰপিটৰ ঘটনা, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এগৰাকী । সমগ্ৰ মাৰপিটৰ ঘটনা বন্দী হয় এগৰাকী লোকৰ কেমেৰাত । ঘটনাটো আজি পুৱা তিনিচুকীয়াৰ এ এছ টি চি বাছ আস্থানৰ সমীপৰ ।বাছত যাত্ৰী উঠোৱা
তিনিচুকীয়াৰ ৰাজপথত দুটাকৈ ফৈদৰ মাজত তুমুল মাৰপিটৰ ঘটনা সংঘটিত


তিনিচুকীয়া, ১৭ জুন (হি.স.)। তিনিচুকীয়াৰ ৰাজপথত দুটাকৈ ফৈদৰ মাজত তুমুল মাৰপিটৰ ঘটনা, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এগৰাকী । সমগ্ৰ মাৰপিটৰ ঘটনা বন্দী হয় এগৰাকী লোকৰ কেমেৰাত ।

ঘটনাটো আজি পুৱা তিনিচুকীয়াৰ এ এছ টি চি বাছ আস্থানৰ সমীপৰ ।বাছত যাত্ৰী উঠোৱাক লৈ অঞ্জনা আৰু দশভূজা নামৰ দুখন বাছৰ কৰ্মচাৰীৰ মাজত সংঘটিত হয় ঘটনাটো ৷অভিযোগ অনুসৰি অঞ্জনা বাছখনৰ বিবেক বৰুৱা নামৰ কৰ্মচাৰীজনক দশভূজা বাছখনৰ কৰ্মচাৰীয়ে চোকা অস্ত্ৰই দলবদ্ধভাৱে আক্ৰমণ কৰে।ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বিবেক বৰুৱা নামৰ কৰ্মচাৰীজনক ।ইতিমধ্যে অঞ্জনা বাছখনৰ স্বত্বাধিকাৰীয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তিনিচুকীয়া সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে আৰক্ষীয়ে তিনিটাক আটক কৰে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande