
চিৰাং, ১৭ জুন (হি.স.)। চিৰাং জিলাৰ বিজনীৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ সক্ৰিয় নেতা , ইউপিপিএলৰ বিজনী জিলা সভাপতি প্ৰয়াত ফনিন বড়োৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ সম্পন্ন।ইউপিপিএলৰ বিজনী জিলা সভাপতি প্ৰয়াত ফনিন বড়োৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধত।উপস্থিত বিটিআৰৰ প্ৰাক্তন কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো।চিৰাং জিলাৰ বিজনী মহকুমাৰ লেছিয়াগাঁৱৰ নিজ বাসভৱনত ইউপিপিএলৰ বিজনী জিলা সভাপতি তথা বিশিষ্ট সমাজসেৱী প্ৰয়াত ফনিন বড়োৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠান গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হয়।
অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত ফনিন বড়োৰ আত্মাৰ সদগতি কামনা কৰি উপস্থিত আমন্ত্ৰিত অতিথিসকলে এক মিনিট মৌন প্ৰাৰ্থনা কৰে। পিছত তেখেতৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে পৰিয়ালৰ সদস্য, আত্মীয়-স্বজন, শুভাকাংক্ষী আৰু বিভিন্ন স্তৰৰ লোকসকলে।অনুষ্ঠানত “প্ৰয়াত ফনিন বড়োৰ জীৱন আৰু আদৰ্শ” শীৰ্ষক এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। প্ৰয়াত নেতাগৰাকীৰ পত্নী মমতা বড়ো আৰু কন্যা ফামে গেউলাং বড়োৱে প্ৰথমে তেখেতৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।যোৱা ১ জুন, ২০২৬ তাৰিখে পৰলোক গমন কৰা ফনিন বড়োৰ বিদেহী আত্মাৰ চিৰশান্তি কামনাৰে আয়োজিত এই অনুষ্ঠানত বিটিআৰৰ প্ৰাক্তন কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, সাংসদ জয়ন্ত বসুমতাৰী, পাৰিষদ ধনঞ্জয় বসুমতাৰী, মাধৱ ছেত্ৰী, প্ৰাক্তন এমচিএলএসহ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।অনুষ্ঠানৰ অন্তৰ্গত আলোচনা সভাত বক্তাসকলে ফনিন বড়োৰ জীৱন-দৰ্শন, সমাজ সেৱামূলক কৰ্ম আৰু জনকল্যাণমূলক অৱদানৰ বিষয়ে বিস্তৃতভাৱে আলোকপাত কৰে। তেখেতৰ আদৰ্শ আৰু কৰ্মৰাজি সমাজৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ থাকিব বুলি বক্তাসকলে মত প্ৰকাশ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ