ডিমৰীয়াৰ ক্ষেত্ৰীত ক্ৰমাৎ বৃদ্ধি পাইছে বন্যহস্তীৰ উপদ্ৰৱ
ডিমৰীয়াৰ ক্ষেত্ৰীত ক্ৰমাৎ বৃদ্ধি পাইছে বন্যহস্তীৰ উপদ্ৰৱ,,,
ডিমৰীয়াৰ ক্ষেত্ৰীত ক্ৰমাৎ বৃদ্ধি পাইছে বন্যহস্তীৰ উপদ্ৰৱ,,,


কামৰূপ, ১৭ জুন (হি.স.)। ডিমৰীয়াৰ ক্ষেত্ৰীত ক্ৰমাৎ বৃদ্ধি পাইছে বন্যহস্তীৰ উপদ্ৰৱ। ক্ষেত্ৰীৰ হেলাগোগত পুৱতি নিশা বন্যহস্তীয়ে লণ্ড-ভণ্ড কৰিলে বাবুল বাৰিকা নামৰ লোকজনৰ বাসগৃহ। সমীপৰে মতাপাহাৰৰ পৰা নামি অহা এটি বন্যহস্তীয়ে ঘৰৰ পকী দেৱাল ভাঙি চূৰ্ণ-বিচুৰ্ণ কৰিলে ঘৰৰ আচবাব, টিভি, বাচন-বৰ্তন। লগতে খাই তহিলং কৰিলে বস্তাত সাঁচি ৰখা ধান।

পুৱতি নিশা গৃহস্ত শুই থকা অৱস্থাতে হাতীয়ে উপদ্ৰৱ চলোৱাত কথমপি শিশুসহ পৰিয়ালটোৰ কেইবাগৰাকীও সদস্যৰ প্ৰাণ ৰক্ষা পৰে । সমীপৰে মতাপাহাৰত অবাধ হাৰত চলা বনধ্বংসৰ বাবে এতিয়া বিনিদ্ৰ ৰজনী পাৰ কৰিছে গাঁওবাসীয়ে। ইফালে বন বিভাগে হাতীসমূহ খেদাৰ কোনো ব্যৱস্থা নকৰাৰো অভিযোগ কৰে ভূক্তভোগী পৰিয়ালটোৱে ।

---------------

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande