
গুৱাহাটী, ১৭ জুন (হি.স.)। জাপানৰ প্ৰধানমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণৰ বাবে সমগ্ৰ গুৱাহাটীতে ব্যাপক প্ৰস্তুতি চলি আছে। এই গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ সফল আৰু সুচাৰুৰূপে পৰিচালনাৰ বাবে প্ৰশাসন, আৰক্ষী, আৰু বিভিন্ন চৰকাৰী বিভাগে একেলগে কাম আৰম্ভ কৰিছে। ইফালে গুৱাহাটীৰ কেইবাটাও গুৰুত্বপূৰ্ণ পথ, ছেক্সন, আৰু জনবহুল এলেকা সংস্কাৰ কৰা হৈছে।
বুধবাৰে অসমৰ মন্ত্ৰী অশোক সিংঘালে জালুকবাৰী অঞ্চল পৰিদৰ্শন কৰি এই প্ৰস্তুতিৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। তেওঁৰ সৈতে আৰক্ষী আৰু প্ৰশাসনৰ এক উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল। পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীয়ে বিভিন্ন উন্নয়নমূলক আৰু সৌন্দৰ্য্যবৰ্ধন প্ৰকল্প পৰিদৰ্শন কৰাৰ লগতে সংশ্লিষ্ট বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়।
মন্ত্ৰী অশোক সিংঘালে কয়, জাপানৰ প্ৰধানমন্ত্ৰীৰ আগমন অসম আৰু গুৱাহাটীৰ বাবে এক বৃহৎ তাৎপৰ্য আৰু গৌৰৱৰ মুহূৰ্ত। এই ভ্ৰমণে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰাজ্যখনৰ ভাবমূৰ্তি আৰু অধিক শক্তিশালী কৰিব।
পৰিদৰ্শনৰ সময়ত তেওঁ সংশ্লিষ্ট বিভাগসমূহক প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ বিশেষভাৱে নিৰাপত্তা, যান-বাহন ব্যৱস্থাপনা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, সৌন্দৰ্য্যবৰ্ধন, পোহৰৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিবলৈ আহ্বান জনায়।
প্ৰশাসনিক সূত্ৰ অনুসৰি এই ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ বিভিন্ন স্থানত নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰা হৈছে। ইয়াৰ উপৰিও চহৰখনৰ সৌন্দৰ্য্য আৰু উন্নয়নৰ কাম দ্ৰুত গতিত সম্পূৰ্ণ হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া